• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

3 weeks ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

27 minutes ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

53 minutes ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

2 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

2 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

3 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

3 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

4 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

6 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

8 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

কিন্তু এয়া স্বাস্থ্যকৰ নে কেৱল বিপণনৰ নতুন কৌশল?

editor by editor
September 26, 2026
in জীৱনশৈলী, বাণিজ্য, স্বাস্থ্য
0
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বাস্থ্য উন্নত কৰা, শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱা বা ফিটনেছ বজাই ৰখাৰ ক্ষেত্ৰত প্ৰটিনৰ গুৰুত্ব যথেষ্ট। বিগত কেইবছৰমানত বজাৰত প্ৰটিনযুক্ত বিভিন্ন খাদ্য আৰু পানীয়ৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। এতিয়া এই তালিকাত যোগ হ’ব পাৰে প্ৰটিনযুক্ত বীয়েৰ। হয়, শুনিবলৈ কিছু আচৰিত যেন লাগিলেও বীয়েৰকো ‘স্বাস্থ্যকৰ’ ৰূপ দিয়াৰ প্ৰয়াস চলিছে। বিশ্বৰ অন্যতম বৃহৎ ব্ৰুয়াৰ কোম্পানীয়ে ইতিমধ্যে এনে সামগ্ৰীৰ প্ৰস্তুতি আৰম্ভ কৰিছে। কেৱল এটা কোম্পানীয়েই নহয়, আন কেইবাটাও কোম্পানীয়েও কম পৰিমাণৰ পেকেজত প্ৰটিন, ইলেক্ট্ৰ’লাইট আদি উপাদান যোগ কৰি নতুন ধৰণৰ বিয়েৰ বজাৰত আনিবলৈ পৰিকল্পনা কৰিছে। ইয়াৰ মূল লক্ষ্য হৈছে স্বাস্থ্য আৰু ফিটনেছৰ প্ৰতি অধিক সচেতন হৈ পৰা গ্ৰাহকৰ পৰিৱৰ্তিত পছন্দৰ সৈতে খাপ খোৱা।

ফিটনেছ অনুৰাগী যুৱক-যুৱতীক লক্ষ্য

নতুন প্ৰজন্মৰ মাজত জিম, ব্যায়াম আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। এই গ্ৰাহকসকলক লক্ষ্য কৰিয়েই কোম্পানীসমূহে কম কেলৰি আৰু অধিক প্ৰটিনযুক্ত বিয়েৰৰ বিকল্প আনিবলৈ চেষ্টা কৰিছে। ইয়াৰ আন এটা কাৰণ হৈছে জেন-জেড প্ৰজন্মৰ মাজত পূৰ্বৰ প্ৰজন্মৰ তুলনাত মদ্যপানৰ প্ৰতি আগ্ৰহ কিছু কমি অহা। সেয়ে বিয়েৰ কোম্পানীসমূহে নতুন ধৰণৰ সামগ্ৰীৰ জৰিয়তে এই গ্ৰাহকসকলক পুনৰ আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। ইতিমধ্যে ব্ৰাজিলত Spaten নামৰ বিয়েৰ ব্ৰেণ্ডে প্ৰটিন-ভিত্তিক সংস্কৰণ মুকলি কৰিছে বুলি জানিব পৰা গৈছে। আগন্তুক সময়ত কম কেলৰি আৰু শূন্য এলকহলযুক্ত বীয়েৰত প্ৰটিন আৰু ইলেক্ট্ৰ’লাইটৰ দৰে উপাদান যোগ কৰি বজাৰ সম্প্ৰসাৰণৰ পৰিকল্পনাও কৰা হৈছে। কোম্পানীসমূহৰ লক্ষ্য হৈছে মাজে-সময়ে বীয়েৰ খোৱা লোকসকলৰ মাজত ইয়াৰ সেৱন বৃদ্ধি কৰা।

সঁচাকৈয়ে স্বাস্থ্যকৰ হ’বনে?

ইয়াতেই আহে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো। বীয়েৰত প্ৰটিন বা ইলেক্ট্ৰ’লাইট যোগ কৰিলে সেয়া সঁচাকৈয়ে স্বাস্থ্যকৰ পানীয় হৈ পৰিবনে? প্ৰটিন যোগ কৰিলে পানীয়টোৰ পুষ্টিগত মূল্য কিছু বৃদ্ধি পাব পাৰে। কিন্তু ইয়াৰ ফলত এলকহলৰ ক্ষতিকাৰক প্ৰভাৱ নাইকিয়া নহয়। অৰ্থাৎ বিয়েৰত প্ৰটিন থাকিলেও ইয়াত থকা এলকহল শৰীৰৰ ওপৰত আগৰ দৰেই প্ৰভাৱ পেলাব পাৰে। এলকহল হৈছে এক মনোসক্ৰিয় আৰু নিচাযুক্ত পদাৰ্থ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এলকহল সেৱনৰ সৈতে ২০০ৰো অধিক ৰোগ, আঘাত আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সম্পৰ্ক আছে। এলকহলক কৰ্কট ৰোগৰ সৈতে জড়িত এটা কাৰ্চিনোজেন হিচাপেও গণ্য কৰা হয়। ইয়াৰ ফলত স্তন, যকৃত, কলৰেক্টাল আৰু খাদ্যনলীৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে। সেয়ে কেৱল বীয়েৰত অলপ প্ৰটিন যোগ কৰা হৈছে বুলিয়েই ইয়াক নিয়মিতভাৱে সেৱন কৰিব পৰা ‘স্বাস্থ্যকৰ পানীয়’ বুলি ধৰি লোৱাটো উচিত নহয়।

ইলেক্ট্ৰ’লাইট থাকিলেই হাইড্ৰেচন ভাল হ’বনে?

ছডিয়াম আৰু পটাছিয়ামৰ দৰে ইলেক্ট্ৰ’লাইটে শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ অধিক ঘাম ওলোৱা, দীঘলীয়া সময় ব্যায়াম কৰা বা পানীলগাৰ সময়ত ইলেক্ট্ৰ’লাইট উপকাৰী হ’ব পাৰে। কিন্তু এলকহলযুক্ত পানীয়ত ইলেক্ট্ৰ’লাইট যোগ কৰিলেই সেই পানীয় হাইড্ৰেচনৰ বাবে উপযোগী হৈ নপৰে। কাৰণ এলকহলে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হ’ব পাৰে। লগতে শৰীৰৰ ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্যতো প্ৰভাৱ পৰিব পাৰে। সেয়ে কোনো এলকহলযুক্ত পানীয়ত ‘ইলেক্ট্ৰ’লাইট’ লিখা থাকিলেই ইয়াক সাধাৰণ পানী বা হাইড্ৰেচন ড্ৰিংকৰ বিকল্প হিচাপে গ্ৰহণ কৰাটো উচিত নহয়।

স্বাস্থ্যৰ নামত নতুন বিপণন কৌশল?

বিশেষজ্ঞসকলে এনে সামগ্ৰীৰ ক্ষেত্ৰত সাৱধান হ’বলৈ কয়। কাৰণ প্ৰটিন, ইলেক্ট্ৰ’লাইট বা কম কেলৰিৰ দৰে শব্দই কোনো এটা এলকহলযুক্ত সামগ্ৰীক গ্ৰাহকৰ আগত স্বাস্থ্যকৰ যেন প্ৰতীয়মান কৰাব পাৰে। কোম্পানীসমূহে মূলতঃ স্বাস্থ্য আৰু ফিটনেছৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক ব্যৱহাৰ কৰি নতুন গ্ৰাহক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। কিন্তু কোনো সামগ্ৰীত উপকাৰী পুষ্টিকৰ উপাদান যোগ কৰা মানেই সেই সামগ্ৰীত থকা এলকহলৰ ক্ষতিকাৰক প্ৰভাৱ নোহোৱা হৈ নাযায়। অৰ্থাৎ প্ৰটিনযুক্ত বা ইলেক্ট্ৰ’লাইটযুক্ত বিয়েৰ মানেই স্বাস্থ্যকৰ বিয়েৰ নহয়।

বিশ্ব স্বাস্থ্য সংস্থাইও স্পষ্টভাৱে সকীয়াই আহিছে যে এলকহল সেৱনৰ কোনো সম্পূৰ্ণ বিপদমুক্ত মাত্ৰা নাই। সেয়ে স্বাস্থ্য আৰু ফিটনেছৰ নামত নতুন ধৰণৰ বিয়েৰ বজাৰত আহিলেও গ্ৰাহকে ‘স্বাস্থ্যকৰ’ বুলি ধৰি লৈ অধিক পৰিমাণে সেৱন কৰাটো উচিত নহয়। স্বাস্থ্যৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল—পানীয়ত প্ৰটিন বা ইলেক্ট্ৰ’লাইট আছে নে নাই, তাৰ লগতে তাত এলকহল আছে নে নাই আৰু ইয়াৰ সামগ্ৰিক প্ৰভাৱ কি, সেই কথাও বিবেচনা কৰা।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alcoholasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!
বাণিজ্য

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

October 18, 2026
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক
জীৱনশৈলী

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

October 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

October 18, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Next Post
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.