• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

41 minutes ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

2 seconds ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

21 minutes ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

1 hour ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

2 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

2 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

2 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

4 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

5 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

6 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

7 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

8 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

কেনেকৈ কি কি প্ৰক্ৰিয়াৰে অপসাৰিত হ'ব পাৰে CEC

editor by editor
September 26, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

SIR বা বিশেষ নিবিড় ভোটাৰ তালিকা সংশোধনক লৈ দেশত ৰাজনৈতিক বিতৰ্ক অব্যাহত থকাৰ মাজতে মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ইতিমধ্যেই চৌদিশে মৌখিক অভিযোগ উত্থাপন হোৱাৰ উপৰিও কংগ্ৰেছে আনুষ্ঠানিক অভিযোগ পত্ৰও দাখিল কৰাৰ যো-জা চলিছে বুলি চৰ্চা চলিছে। নিৰ্বাচন আয়োগৰ ভিতৰতে SIR সন্দৰ্ভত মতানৈক্যৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে বিষয়টো অধিক গুৰুত্ব লাভ কৰিছে। ভাৰতত মুক্ত, নিকা আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব ভাৰতীয় নিৰ্বাচন আয়োগৰ। নিৰ্বাচন আয়োগে যাতে কোনো চৰকাৰ বা ৰাজনৈতিক দলৰ হেঁচাত কাম কৰিব নালাগে, তাৰ বাবে সংবিধানত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তসকলৰ পদৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা ৰখা হৈছে। এই পৰিপ্ৰেক্ষিতত এতিয়া ডাঙৰ প্ৰশ্ন হৈছে—মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিলেই তেওঁক পদৰ পৰা আঁতৰাব পাৰিনে? বা এই প্ৰক্ৰিয়াটো কিমান কঠিন?

অভিযোগনামা বুলিলে কি বুজায়?

কাৰিকৰীভাৱে ভাৰতীয় সংবিধানত মুখ্য নিৰ্বাচন আয়ুক্তক অপসাৰণৰ ক্ষেত্ৰত ‘অভিযোগ’ বা ‘impeachment’ শব্দটো ব্যৱহাৰ কৰা হোৱা নাই। সংবিধানৰ ৬১ নং অনুচ্ছেদত ‘impeachment’ শব্দটো ৰাষ্ট্ৰপতিক অপসাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। কিন্তু ৰাজনৈতিক আৰু সাধাৰণ আলোচনাত মুখ্য নিৰ্বাচন আয়ুক্তক অপসাৰণৰ বাবে সংসদত গ্ৰহণ কৰা জটিল প্ৰক্ৰিয়াক প্ৰায়ে ‘অভিযোগনামা’ বা ‘impeachment’ বুলি কোৱা হয়। ইয়াৰ কাৰণ হ’ল, এই প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণৰ প্ৰক্ৰিয়াৰ সৈতে বহু পৰিমাণে মিল আছে।

CECক অপসাৰণ কৰিব পাৰিনে?

মুখ্য নিৰ্বাচন আয়ুক্তক যিকোনো কাৰণতে পদৰ পৰা আঁতৰাব নোৱাৰি। সংবিধানৰ অধীনত মূলত দুটা ভিত্তিত তেওঁক অপসাৰণ কৰিব পাৰি—

১. প্ৰমাণিত অসৎ আচৰণ (Proved Misbehaviour):
ইয়াৰ অৰ্থ হ’ল পদৰ অপব্যৱহাৰ, কৰ্তব্য পালনত গুৰুতৰ অনিয়ম বা পক্ষপাতিত্বৰ দৰে বিষয় প্ৰমাণিত হোৱা।

২. অক্ষমতা (Incapacity):
যদি কোনো কাৰণত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে নিজৰ সাংবিধানিক দায়িত্ব পালন কৰিবলৈ শাৰীৰিক বা মানসিকভাৱে অক্ষম হয়, তেন্তে এই ভিত্তিও প্ৰযোজ্য হ’ব পাৰে। অৰ্থাৎ কেৱল কোনো সিদ্ধান্তৰ সৈতে মতানৈক্য থকা বা ৰাজনৈতিকভাৱে বিতৰ্ক সৃষ্টি হোৱাটোৱেই CECক অপসাৰণৰ বাবে যথেষ্ট নহয়।

CECক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

মুখ্য নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া যথেষ্ট কঠিন আৰু বহু পৰ্যায়ৰ। এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে CECৰ পদটো যাতে চৰকাৰ বা ৰাজনৈতিক হেঁচাৰ পৰা সুৰক্ষিত থাকে। প্ৰথমে লোকসভাত প্ৰস্তাৱ উত্থাপন কৰিবলৈ কমেও ১০০জন সাংসদৰ সমৰ্থন বা স্বাক্ষৰ প্ৰয়োজন। ৰাজ্যসভাৰ ক্ষেত্ৰত কমেও ৫০জন সাংসদৰ স্বাক্ষৰ প্ৰয়োজন। প্ৰস্তাৱ দাখিল কৰাৰ পিছত সংশ্লিষ্ট সদনৰ অধ্যক্ষই সেই প্ৰস্তাৱ গ্ৰহণ কৰিব নে নকৰিব, সেই বিষয়ে সিদ্ধান্ত লয়।

তদন্ত সমিতি কেনেকৈ গঠন হয়?

যদি প্ৰস্তাৱ গ্ৰহণ কৰা হয়, তেন্তে অভিযোগসমূহৰ তদন্ত কৰিবলৈ তিনিজনীয়া এখন সমিতি গঠন কৰা হয়। এই সমিতিত সাধাৰণতে— উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ এগৰাকী মুখ্য ন্যায়াধীশ আৰু এগৰাকী বিশিষ্ট আইনজ্ঞ থাকে। এই সমিতিয়ে অভিযোগসমূহৰ তদন্ত কৰি অভিযোগ প্ৰমাণিত হৈছে নে নাই, সেই বিষয়ে সিদ্ধান্ত লয়। তদন্ত সমিতিয়ে যদি অভিযোগ প্ৰমাণিত হোৱা বুলি মত দিয়ে, তেন্তে বিষয়টো সংসদলৈ যায়। ইয়াৰ পিছত সংসদৰ দুয়োটা সদনত প্ৰস্তাৱটো আলোচনা আৰু ভোটদানৰ বাবে উত্থাপন কৰা হয়। প্ৰস্তাৱ গৃহীত কৰিবলৈ সাধাৰণ সংখ্যাগৰিষ্ঠতাতকৈ অধিক কঠিন বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয়। অৰ্থাৎ উপস্থিত আৰু ভোটদান কৰা সদস্যসকলৰ সংখ্যাগৰিষ্ঠতাৰ লগতে সদনৰ মুঠ সদস্যসংখ্যাৰ নিৰ্দিষ্ট সংখ্যাগৰিষ্ঠতাও পূৰণ কৰিব লাগে। গুৰুত্বপূৰ্ণ কথাটো হ’ল—লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে প্ৰস্তাৱটো গৃহীত হ’ব লাগিব। তাৰ পিছত প্ৰস্তাৱটো ৰাষ্ট্ৰপতিলৈ পঠিওৱা হয় আৰু ৰাষ্ট্ৰপতিয়ে অপসাৰণৰ আনুষ্ঠানিক আদেশ জাৰি কৰে।

অৱশ্যে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ অপসাৰণৰ নিয়ম একে নহয়। সংবিধানৰ ৩২৪(৫) অনুচ্ছেদ অনুসৰি, মুখ্য নিৰ্বাচন আয়ুক্তক অপসাৰণ কৰিবলৈ যি কঠিন সংসদীয় প্ৰক্ৰিয়া প্ৰয়োজন, অন্যান্য নিৰ্বাচন আয়ুক্তৰ ক্ষেত্ৰত সেই একে প্ৰক্ৰিয়া প্ৰযোজ্য নহয়। অন্য নিৰ্বাচন আয়ুক্তক ৰাষ্ট্ৰপতিয়ে মুখ্য নিৰ্বাচন আয়ুক্তৰ পৰামৰ্শ অনুসৰি অপসাৰণ কৰিব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24chief election commissioner
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
Next Post
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.