এতিয়া আৰু বিষন্নতা কিংবা অৱসাদক ৰজাৰ অসুখ বুলি কোনেও নকয়। কাৰণ দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু প্ৰতিযোগিতাৰ নিগনি দৌৰত মানসিক চাপ নিত্যসংগী হৈ পৰিছে সকলোৰে। এই চাপৰ পৰা মুক্তি পাবলৈ সৃজনশীল শখ বা হবি থেৰাপিৰ দৰে কাম কৰিব পাৰি। ছবি অঁকা, লেখাপঢ়া কৰা, গান বাজনা কৰা, বাগান কৰা বা যিকোনো ধৰণৰ হস্তশিল্পই মানসিক চাপৰ পৰা মুক্তি দিয়াত থেৰাপিৰ দৰে কাম কৰে। সৃজনশীল কামত মনোযোগ দিলে মস্তিষ্কৰ দৈনন্দিন উদ্বেগ কমে বা সাময়িক মুক্তি লাভ সম্ভৱ। ই এক মেডিটেছনৰ দৰে কাম কৰে আৰু মনক শান্ত আৰু স্থিতিশীল কৰাত সহায় কৰে।
সৃজনশীল চখৰ উপকাৰিতা কি কি?
মনোযোগ বৃদ্ধি
কোনো এক নিৰ্দিষ্ট সৃজনশীল কামত মনোনিৱেশ কৰিলে সেই কামে আমাৰ ফকাছ বৃদ্ধিত সহায় কৰে।
আত্মপ্ৰকাশৰ মাধ্যম
শিল্পকলাৰ মাধ্যমেৰে নিজৰ অনুভূতি আৰু ভাৱনা প্ৰকাশ কৰিব পাৰি, যিয়ে বহু সময়ত মানসিক ভাৰ লাঘৱ কৰে।
ষ্ট্ৰেছ হৰমন হ্ৰাস
গৱেষণাত দেখা গৈছে সৃজনশীল কামত যুক্ত থাকিলে কাৰ্টিছলৰ দৰে ষ্ট্ৰেছ হৰমনৰ মাত্ৰা কমে।
আত্মবিশ্বাস বৃদ্ধি
নতুন কিছু সৃষ্টি কৰাৰ আনন্দ আৰু নিজৰ দক্ষতাৰ ওপৰত আস্থা জন্মায় আৰু আত্মবিশ্বাস বঢ়ায়।
মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি
সৃজনশীলতাই মস্তিষ্কৰ বিভিন্ন অংশক উদ্দীপিত কৰে, যিয়ে স্মৃতিশক্তি আৰু সমস্যা সমাধানৰ ক্ষমতা বঢ়াব পাৰে।
কেনেকৈ আৰম্ভ কৰিব?
আপোনাৰ আগ্ৰহ অনুসৰি কোনো চখ আপুনি বাচি লব পাৰে। ছবি অঁকাৰ বাবে ৰং-তুলিকা, লিখামেলাৰ বাবে কাগত কলম, বাগান কৰাৰ বাবে সামান্য সৰঞ্জাম আদি। নিয়মিত কিছু সময় এই চখৰ পিছত ব্যয় কৰিলে তাৰ ইতিবাচক প্ৰভাৱ স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। মানসিক সুস্থতাৰ বাবে সৃজনশীল চখৰ গুৰুত্ব অপৰিসীম। ই কেৱল অৱসৰ কটোৱাৰ উপায়েই নহয়, বৰং মানসিক চাপমুক্ত আৰু আনন্দময় জীৱনযাপনৰ বাবেও এক কাৰ্যকৰী মাধ্যম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















