লক্ষ্মী তুষ্ট থাকিলে আৰ্থিক সমৃদ্ধি লাভ কৰা সম্ভৱ৷ বহু সময়ত যথাযথ পৰিশ্ৰম কৰিলেও ব্যক্তিয়ে কাংখিত সাফল্য আৰু সমৃদ্ধি লাভ কৰিব নোৱাৰে৷ বহু সময়ত অৰ্থ লাভ বা অৰ্থ উপাৰ্জনৰ পথ অৱৰুদ্ধও হয়৷ দৈনন্দিন জীৱনযাপনৰ বাবে ধন ধাৰে লোৱাৰ প্ৰয়োজনীয়তাই দেখা দিয়ে৷ জ্যোতিষ গণনা অনুসৰি লক্ষ্মী অপ্ৰসন্ন হ’লে ব্যক্তিৰ জীৱনত অনাটন আহিব পাৰে৷ ধনদেৱী ৰুষ্ট হ’লে নানান ধৰণৰ ইংগিত পোৱা যায়৷ আপোনাৰ জীৱনত দৈনন্দিন ঘটি থকা কেইটামান ঘটনাৰ পৰাই এই কথাৰ উমান পাব পাৰি৷
বাৰে বাৰে অলংকাৰ হেৰাই যোৱা
শাস্ত্ৰমতে বাৰে বাৰে সোন বা ৰুপৰ গহনা হেৰাই গ’লে বুজিব যে লক্ষ্মী আপোনাৰ ওপৰত ৰুষ্ট হৈছে৷ সোন-ৰূপক লক্ষ্মীৰ সৈতে সম্পৰ্কযুক্ত বুলি কোৱা হয়৷ সেয়ে বাৰে বাৰে অলংকাৰ হেৰাই যোৱাটোৱে ধনদেৱীৰ ৰোষৰ সৈতে যুক্ত বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে৷
উতলাওঁতে গাখীৰ বাৰে বাৰে পৰা
গাখীৰ তপতোৱাৰ সময়ত বাৰে বাৰে যদি গাখীৰ পৰে, বা হাতৰ পৰা গাখীৰৰ গ্লাছ পৰি যায় এইসমূহ লক্ষণ লক্ষ্মীয়ে আপোনাৰ ঘৰ এৰাৰেই ইংগিত৷ এই ঘটনা সঘনাই ঘটি থাকিলে সাৱধান হওক৷ কাৰণ কিবা নহয় কিবা কাৰণত লক্ষ্মী আপোনাৰ প্ৰতি ক্ষোভিত হৈ আছে৷
তুলসী বা মানি প্লেণ্ট শুকাই যোৱা
ঘৰত এই দুই গছ থাকিলে আৰু অকাৰণতেই শুকাই যোৱাটোত বুজিব পাৰি যে লক্ষ্মীৰ বিৰাগভাজন হৈছে আপুনি আৰু আপোনাৰ পৰিয়াল৷ বাস্তু শাস্ত্ৰমতে তুলসী আৰু মানিপ্লেণ্টক অৰ্থৰ সৈতে যুক্ত বুলি কোৱা হয়৷ এই পৰিস্থিতিত দুই গছ অকাৰণতে শুকাই যায়৷ বাস্তু দোষৰ ওপৰিও লক্ষ্মী ৰুষ্ট হ’লে এই ইংগিত আপোনালৈ আহে৷
আৰ্থিক লোকচান
লক্ষ্মী আপোনাৰ ওপৰত ক্ষোভিত হৈ থাকিলে কিবা নহয় কিবা আৰ্থিক লোকচান হৈ থাকে৷ বহু সময়ত হঠাৎ টকা হেৰাই যাব পাৰে৷ এনে ঘটনা ঘটিলে বুজিব যে লক্ষ্মীৰ কোপদৃষ্টি আপোনাৰ ওপৰত পৰিছে৷
সম্পৰ্কত তিক্ততা
লক্ষ্মী ৰুষ্ট হ’লে আৱেগপ্ৰৱণ দিশেৰে দুৰ্বল হৈ পৰে ব্যক্তি৷ পৰিয়ালত সুখ শান্তি নাথাকে৷ সৰু সৰু কথাতেই কাজিয়া বিবাদ বৃদ্ধি পায়৷
লক্ষ্মীক সুখী কৰাৰ উপায়
শাস্ত্ৰ অনুসৰি কিছু নিয়ম মানি চলিলে লক্ষ্মী সন্তুষ্ট থাকে আৰু জীৱনত কোনো অভাৱ অনাটনে দেখা নিদিয়ে৷ লক্ষ্মীক সুখী কৰিবৰ বাবে কি কি কৰিব?
যি ঘৰ নিয়মিত পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে সেই ঘৰত লক্ষ্মীয়ে বাস কৰে৷ সেয়ে ঘৰ সদায়ে পৰিষ্কাৰ কৰি ৰাখিব লাগে৷
প্ৰতিদিনে লক্ষ্মীৰ পুজা কৰিলে শ্ৰীসুক্ত আৰু কনকধাৰা স্তোত্ৰ পাঠ কৰক৷ ইয়াৰ ফলত লক্ষ্মী অত্যন্ত প্ৰসন্ন হয়৷
পদুমফুল লক্ষ্মীৰ অত্যন্ত প্ৰিয়৷ সেয়ে পুজাৰ সময়ত ধনদেৱীক পদুমফুল নিবেদন কৰক৷ পদুম ফুল নাপালে গোলাপ বা কোনো ৰঙা ফুল অৱশ্যই নিবেদন কৰিব৷
শংখধ্বনি লক্ষ্মীৰ অতি প্ৰিয়৷ ঘৰত শংখ ৰাখিলে নিয়মিত বজালে বাস্তুদোষ দূৰ হয় আৰু লক্ষ্মী আকৃষ্ট হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ