আপোনাৰ জীৱনৰ কোনো ঘনিষ্ঠ মানুহ যদি তুলা ৰাশিৰ জাতক হয় তেন্তে আপুনি নিশ্চয় লক্ষ্য কৰিছে যে তেওঁলোকে কেনেকৈ সহজতে আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷ তুলা ৰাশিৰ জাতকৰ ফিটনেছৰ প্ৰতি আকৰ্ষণ থাকে আৰু তেওঁলোকৰ ফেশ্বন চেঞ্চো উন্নত৷ শাৰীৰিকভাৱে অত্যন্ত আকৰ্ষণীয় হয় তুলা ৰাশিৰ জাতক৷ সুন্দৰ চেহেৰা, ফেশ্ব্যনেৱল পোছাক আৰু মধুৰ স্বভাৱৰ বাবে তুলা ৰাশিৰ জাতক সকলোৰে পছন্দৰ৷ প্ৰথম দেখাতেই এওঁলোকে অন্যক মুগ্ধ কৰাৰ ক্ষমতা থাকে৷ ইয়াৰোপৰি তুলা ৰাশিৰ জাতক বুদ্ধিমান আৰু যিকোনো বিষয়তে তেওঁলোকৰ গভীৱ দখল থাকে৷
এই কাৰণেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক
গল্ডেন হাৰ্টেড
তুলা ৰাশিৰ জাতক বাহিৰেৰে দেখাত কঠিন হ’লেও মানসিকভাৱে তেওঁলোক অত্যন্ত নৰম স্বভাৱৰ হয়৷ তুলাৰ জাতকক সহায় বিচাৰিলে কোনো খালী হাতে উভতিব লগা নহয়৷ এওঁলোক সকলো সময়তে ন্যায়ৰ পক্ষত থাকে৷ পৰিয়াল বা বন্ধুৰ মাজত কোনো অন্যায়ৰ স্বীকাৰ হ’লেও তেওঁলোক কাষত থিয় দিয়ে৷ তুলা ৰাশিৰ জাতকৰ ওপৰত আপুনি ভৰষা কৰিব পাৰে৷ এওঁলোকে কথা দিলে কথা ৰাখিবলৈ সম্পূৰ্ণৰূপে যত্ন কৰে৷
আশাবাদী
অত্যন্ত আশাবাদী হয় তুলা ৰাশিৰ জাতক৷ সকলো বিষয় জনাৰ আগ্ৰহ থাকে এওঁলোকৰ৷ নিজৰ বুদ্ধি, চেঞ্চ অফ হিউমাৰ আৰু সৃজনশীলতাৰে সকলোকে মুগ্ধ কৰে এওঁলোকে৷ সুন্দৰভাৱে কথা ক’ব জানে তুলা ৰাশিৰ জাতকে৷ এওঁলোকৰ মূৰত সকলো সময়তে নতুন নতুন আইডিয়াই কাম কৰে৷
সুন্দৰ ব্যৱহাৰ
সকলোৰে সৈয়ে সুন্দৰ ব্যৱহাৰ কৰে তুলা ৰাশিৰ জাতকে৷ এওঁলোকে কেতিয়াও কাকো দুৰ্ব্যৱহাৰ নকৰে৷ তুলা ৰাশিৰ জাতকে অন্যৰ মনত দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব পাৰে৷ খেলৰ পৰা ব্যৱসায়, ফেশ্বনৰ পৰা ৰাজনীতি সকলো বিষয়তেই এওঁলোকৰ জ্ঞান থাকে৷
দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা
কঠিন বিষয়ত দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে তুলা ৰাশিৰ জাতকৰ ওপৰত৷ সেয়ে বহুতেই তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে৷ মূৰ ঠাণ্ডা ৰখাৰ সঠিক সিদ্ধান্ত তেওঁলোকে দিব পাৰে৷ প্ৰতিটো সমস্যা যুক্তিৰে বিচাৰ কৰি তেওঁলোকে সমাধান ওলিয়াবলৈ যত্ন কৰে৷
স্মাৰ্ট আৰু ডিপ্লমেটিক
তুলা ৰাশিৰ জাতক অত্যন্ত স্মাৰ্ট৷ তেওঁলোকে যিকোনো পৰিস্থিতি মেনেজ কৰিব জানে৷ সমস্যা এৰাবলৈ মধ্যপন্থা অৱলম্বন কৰিব জানে তুলা ৰাশিৰ জাতকে৷ এওঁলোকে সকলো সময়তে শান্তি বজায় ৰখাৰ চেষ্টা কৰে৷ যিমান সম্ভৱ অশান্তিত নোহোমাই এই ৰাশিৰ জাতক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















