জ্যোতিষশাস্ত্ৰ অনুসৰি বুধ গ্ৰহক বুদ্ধি, জ্ঞান, যোগাযোগ আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ বুধৰ গোচৰ বা ৰাশি পৰিবৰ্তন এক গুৰুত্বপূৰ্ণ ঘটনা৷ যিয়ে বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত শুভ অশুভ প্ৰভাৱ পেলায়৷ ৩০ আগষ্টত বুধ গ্ৰহই কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ ১৫ ছেপ্টেম্বৰ পৰ্যন্ত বুধে সিংহ ৰাশিত অৱস্থান কৰিব৷ এই গোচৰৰ ফলত কিছু ৰাশিৰ বাবে শুভ বাৰ্তা আহিব৷
কোন কোন ৰাশিৰ কঁপাল খুলিব?
মেষ ৰাশি
এই গোচৰৰ ফলত মেষ ৰাশিৰ জাতকৰ কৰ্মজীৱন আৰু ব্যৱসায়ত উন্নতি হব পাৰে৷ আৰ্থিক অৱস্থা মজবুত হব৷ দাম্পত্য জীৱন সুখৰ হব আৰু সম্পৰ্কৰ মাজত বুজাপৰা বাঢ়িব৷
বৃষ ৰাশি
এই গোচৰ বৃষ ৰাশিৰ চতুৰ্থ ঘৰত হব যি পৰিয়াল, সুখ শান্তি আৰু সম্পত্তিৰ সৈতে সম্পৰ্কিত৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এই সময়ত সম্পন্ন হব৷ সম্পত্তি সংক্ৰান্তিয় বিষয়ত সাফল্য অহাৰ সম্ভাৱনা আছে৷ কিনা বেচা হওক বা কোনো আইনী বিৰোধ সকলোতে লাভৰ সম্ভাৱনা আছে৷ সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু পাৰিবাৰিক পৰিবেশ মনোৰম হব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ অধিপতি বুধ নিজেই৷ এই গোচৰে মিথুন ৰাশিৰ বাবে কৰ্মজীৱনত উন্নতিৰ নতুন পথ খুলিব৷ গুৰুত্বপূৰ্ণ কামৰ বাবে এই সময় অনুকূল৷ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে এই গোচৰ আৰ্থিক দিশৰ পৰা খুবেই শুভ৷ বুধৰ অৱস্থান দ্বিতীয় ঘৰত হোৱাত আকস্মিক আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হব৷ আপোনাৰ কথা কোৱাৰ ধৰণত ইতিবাচক পৰিবৰ্তন আহিব৷ যিয়ে অন্যসকলক প্ৰভাৱিত কৰিব৷ এই সময়ত দামী গহনা বা সামগ্ৰী ক্ৰয় কৰা সম্ভৱ হব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে বুধৰ এই গোচৰ লাভৰ ঘৰত হব৷ ইয়াৰ ফলত পেছা আৰু আৰ্থিক উন্নতিৰ নতুন সুযোগ আহিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হব৷ ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে৷ আয়ৰ নতুন উৎসও খুলিব পাৰে৷ ভায়েক ভনীয়েক আৰু বন্ধুৰ সহযোগিতা পাব যিয়ে সম্পৰ্কক আৰু দৃঢ় কৰিব৷
( এই প্ৰতিবেদন জ্যোতিষশাস্ত্ৰৰ গণনাৰ ভিত্তিত লেখা হৈছে৷ ইয়াত দিয়া তথ্য আগন্তুক দিনত সত্য প্ৰমাণিত হবই বুলি আমি দাবী কৰা নাই৷ জ্যোতিষাস্ত্ৰ সংক্ৰান্তিয় কোনো প্ৰশ্ন বা কোনো সমস্যাৰ সমাধানৰ বাবে পেছাদাৰী জ্যোতিষীৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত ল’ব৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















