বলীউডৰ উপৰিও হলীউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা প্ৰিয়ংকা চোপ্ৰাই আকৌ এবাৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। পিছে প্ৰিয়ংকাই এইবাৰ নতুন ছবি বা ৰেড কাৰ্পেট লুকৰ বাবে নহয়, ছ’চিয়েল মিডিয়াৰ এটা পদক্ষেপৰ বাবেহে চৰ্চালৈ আহিছে। কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক ইনষ্টাগ্ৰামত ফলো কৰি চৰ্চালৈ আহিছে প্ৰিয়ংকাই। প্ৰিয়ংকাই অভিজিতক ইনষ্টাগ্ৰামত ফলো কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত বিষয়টোৱে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। বহু ব্যৱহাৰকাৰীয়ে ইয়াক শেহতীয়াকৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ আৰু যুৱ সমস্যাৰ সমৰ্থন হিচাপে বিশ্লেষণ কৰিছে, আনহাতে আন কিছুমানে কৈছে যে কেৱল কাৰোবাক ফলো কৰাৰ অৰ্থ তেওঁলোকৰ মতামতক সমৰ্থন কৰাটো নুবুজায়।
বিশ্বৰ বিভিন্ন প্ৰান্ততো CJPৰ জনপ্ৰিয়তা
শেহতীয়াকৈ সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ততো কক্ৰোচ জনতা পাৰ্টী আলোচনাৰ বিষয় হৈ পৰিছে। NEET প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতা আৰু শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ বাবেই CJP সংবাদ মাধ্যমৰ শিৰোনামত আছে। CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱক-যুৱতীসকলৰ মাজত দ্ৰুতগতিত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। এই পৰিপ্ৰেক্ষিতত প্ৰিয়ংকা চোপ্ৰাৰ ফ’ল’-আপে দৃষ্টি আকৰ্ষণ কৰিছে। কক্ৰোচ জনতা পাৰ্টীৰ উদ্যোগত প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ বিৰুদ্ধে দিল্লীত ছাত্ৰ-ছাত্ৰীয়ে কৰা ব্যাপক আন্দোলনৰ ফলতে ২৫ জুলাইত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJP-এ তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছিল। শেহতীয়াকৈ ধৰ্মেন্দ্ৰ প্ৰধানৰ ঠাইত প্ৰহ্লাদ যোশীক নতুন শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।
প্ৰিয়ংকাৰ প্ৰতিক্ৰিয়া
শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰা জোনাছেও এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ খবৰ দিয়া ছ’চিয়েল মিডিয়াৰ পোষ্টত প্ৰিয়ংকাই উদযাপন আৰু হৃদয়ৰ ইমোজি শ্বেয়াৰ কৰে। প্ৰিয়ংকাৰ এই প্ৰতিক্ৰিয়াৰ পিছতে ছচিয়েল মিডিয়াত বিষয়টোৱে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। প্ৰিয়ংকা চোপ্ৰাই অভিজিতক ফ’ল’ কৰাৰ পিছৰে পৰা এই বিশেষ পোষ্টটোৰ এটা স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















