তাৰকাসকলৰ প্ৰেমক লৈ সৰ্বদাই চৰ্চা চলি থাকে৷ কেতিয়াবা নতুন প্ৰেম যদি কেতিয়াবা আকৌ বিচ্ছেদ৷ সেই কাৰণেই একাধিক তাৰকা শিৰোনামতো উঠে৷ দক্ষিণৰ সুন্দৰী অভিনেত্ৰীও আছে এই তালিকাত৷ একাধিক ছুপাৰহীট ছবি আছে তেওঁৰ৷ বহু তাৰকাৰ সৈতে অভিনয় কৰি দৰ্শকৰ মনো জয় কৰিছে এইগৰাকী অভিনেত্ৰীয়ে৷ তেওঁ আন কোনো নহয় তেওঁ তামান্না ভাটিয়া৷
তেওঁ এনে এগৰাকী অভিনেত্ৰী যি বিভিন্ন ৰক্ষণশীলতাৰ পৰা দূৰলৈ গৈ এনে নজিৰ গঢ়িছে যি দেখি সকলোৱে অবাকো হয়৷ দক্ষিণৰ ছুপাৰহীট অভিনেত্ৰী তামান্না ভাটিয়াৰ ব্যক্তিগত জীৱন জনাৰ বাবে আগ্ৰহী হৈ থাকে বহু অনুৰাগী৷
বলীউডৰ এক ৰিপৰ্ট অনুসৰি তামান্নাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১২০ কোটি টকা৷ য’ত এখন ছবিৰ বাবেই তেওঁ লয় ৪-৫ কোটি টকা৷ একোটা বিজ্ঞাপন প্ৰচাৰৰ বাবে ৭-৮ কোটি টকা লয়৷ তামান্নাই তেওঁৰ বিলাসী জীৱনযাপনৰ বাবে ভক্তসকলৰ ওচৰত বেছি জনপ্ৰিয়৷ পেছাগত জীৱনতকৈ অৱশ্যে ব্যক্তিগত জীৱনহে বেছি লাইমলাইটত থাকে অভিনেত্ৰী তামান্নাৰ৷ বিজয় ভাৰ্মাৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা সকলোৱেই জানে৷ দুজনৰ কেমিষ্ট্ৰি, বণ্ডিং সকলোৱে নজৰ কাঢ়িলেও সেই সম্পৰ্কও ভাঙি গৈছে৷ বিজয়ৰ সৈতে প্ৰেম ভাঙোতেও লাইমলাইটত আহিছিল তামান্না৷
বিজয় ভাৰ্মাৰ পূৰ্বে দুই ক্ৰিকেটাৰৰ সৈতে নাম সাঙোৰ খাইছিল তামান্না ভাটিয়াৰ৷ শুনা যায় ক্ৰিকেটাৰ বিৰাট কোহলি আৰু পাকিস্তানী ক্ৰিকেটাৰ আব্দুল ৰাজাকৰ সৈতে ৰিলেশ্বনচিপত আছিল তামান্না৷ ইয়াৰোপৰি ভাৰতৰ দক্ষিণী চিনেমাৰ জনপ্ৰিয় অভিনেতা ৰবি তেজাও আছিল তামান্নাৰ সৈতে সম্পৰ্কত৷ অভিনয় কেৰিয়াৰত বহু জনপ্ৰিয় চিনেমা উপহাৰ দিছে৷ সকলো ঠিকে থাকিলে ১১ বছৰৰ পাছত আকৌ চিনেমাত একেলগে দেখা যাব তামান্না-ৰবিক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ