পৃথিৱীৰ এনে এখন ঠাই আছে য’ত নাৰীয়ে গোটেই জীৱনত মাত্ৰ এবাৰহে গা ধোৱে। শুনিবলৈ অদ্ভুত যেন লাগিলেও এয়া বাস্তৱ সত্য। পৃথিৱীত এনে এটা জনগোষ্ঠী আছে যিটো জনগোষ্ঠীৰ নাৰীৰে জীৱনত মাত্ৰ এবাৰহে গা ধোৱাৰ পৰম্পৰা আছে।
এই জনগোষ্ঠীটো হৈছে হিম্বা জনগোষ্ঠী৷ হিম্বা জনগোষ্ঠীটো আফ্ৰিকা মহাদেশৰ উত্তৰ নামিবিয়াত বাস কৰে৷ এই খিলঞ্জীয়া জনগোষ্ঠীটোৰ আনুমানিক জনসংখ্যা প্ৰায় ৫০,০০০ জন। জনগোষ্ঠীটো মুখ্যতঃ কুনেনে অঞ্চলৰ (বৰ্তমান কাকোলেণ্ড নামেৰে জনাজাত) এংগোলাৰ কুনেনে নদীৰ পাৰত বাস কৰে।

লগতে পঢ়ক উৰ্বশী ৰৌটেলালৈ ২ পত্নীৰ ৪ সন্তানৰ পিতৃ ইজিপ্তিয়ান কণ্ঠশিল্পীৰ বিবাহৰ প্ৰস্তাৱ, কি ক’লে উৰ্বশীয়ে?
হিম্বা জনগোষ্ঠীৰ মহিলাসকলে গা ধোৱাৰ পৰিৱৰ্তে বিশেষ বনৌষধি ব্যৱহাৰ কৰে আৰু ইয়াৰ ধোঁৱাৰে শৰীৰটো সতেজ কৰি ৰাখে। এই বনৌষধিৰ গোন্ধে তেওঁলোকৰ শৰীৰত সুগন্ধি বিয়পাই দিয়ে আৰু এই ধোঁৱাই তেওঁলোকৰ শৰীৰক সতেজতা প্ৰদান কৰাৰ লগতে বীজাণুও নাশ কৰে।
জনগোষ্ঠীটোৰ মহিলাই বিবাহৰ সময়ত মাত্ৰ এবাৰহে গা ধুই লয়। আচলতে এই মহিলাসকলে পানী স্পৰ্শ কৰাটোও নিষিদ্ধ, সেয়ে তেওঁলোকে কাপোৰো ধুৱ নোৱাৰে। জনগোষ্ঠীটোৰ মহিলাসকলে এই পৰম্পৰা বহু বছৰ ধৰি পালন কৰি আহিছে।

লগতে পঢ়ক যজ্ঞৰে মহিলাৰ কুচত সন্তান দিয়াৰ লোভ! ভক্ত মহিলাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ স্বয়ম্ভূ ধৰ্মীয় গুৰু
ইয়াৰ বাহিৰেও ইয়াত মহিলাসকলে পশুৰ চৰ্বি আৰু হেমাটাইট দ্ৰৱণেৰে তৈয়াৰী ৰ’দৰ পৰা শৰীৰ ৰক্ষা কৰিবলৈ বিশেষ লোচন ব্যৱহাৰ কৰে। হেমাটাইটৰ বাবে ইহঁতৰ ছাল ৰঙা পৰে। এই বিশেষ লোচনবোৰে পোক-পৰুৱাৰ কামোৰৰ পৰাও তেওঁলোকক ৰক্ষা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















