অসম লাইভ ২৪ঃ জেফ বেজচক পৃথিৱীলৈ পুনৰ ঘূৰি অহাত বাধা দিবৰ বাবে মুকলি কৰা অনলাইন আৱেদনত স্বাক্ষৰ হাজাৰ হাজাৰ লোকৰ। আৱেদনকাৰীৰ মতে, জেফ বেজচৰ দৰে আৰৱপতি পৃথিৱীত নথকাই মংগল। ২০ জুলাইত মহাকাশলৈ যাব এমাজনৰ ফাউণ্ডাৰ তথা বিলিয়নাৰ জেফ বেজচ। এই কথা ঘোষণা কৰাৰ লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন জনৰ মাজত। ইতিমধ্যে ৫৬ হাজাৰ লোকে স্বাক্ষৰ কৰিছে অনলাইন আৱেদনত। জেফ বেজচৰ ভাতৃ মাৰ্ক বেজচে ৭ জুনত ঘোষণা কৰিছিল এই কথা। ঘোষণাৰ তিনি দিন পাছত দুখনকৈ অনলাইন আৱেদন মুকলি কৰা হৈছে। ‘don’t allow Jeff Bezos to return to earth’ শীৰ্ষক প্ৰথমখন আৱেদন chsnge.orgত মুকলি কৰা হৈছে। বৰ্তমানলৈকে ৩৭ হাজাৰৰ অধিক লোকে স্বাক্ষৰ কৰিছে এই আৱেদনত। দ্বিতীয়খন আৱেদন ‘petition to not allow Jeff Bezos re-entry to earth’ত ১৯ হাজাৰ লোকে স্বাক্ষৰ কৰিছে। উল্লেখ্য, জেফ বেজচৰ মহাকাশ অনুসন্ধান সংস্থা ‘ব্লু অৰিজিনে’ মহাকাশলৈ মানৱ কঢ়িওৱা প্ৰথমখন ফ্লাইট মুকলি কৰিব ২০ জুলাইত। জেফ বেজচ আৰু ভাতৃয়ে ব্লু অৰিজিনৰ নিলামী টিকট বিজেতাৰ সৈতে মহাকাশ যানত ১১ মিনিটৰ যাত্ৰা কৰিব। পাছত পেৰাচুটৰ সহায়ত পুনৰ পৃথিৱীলৈ ঘূৰি আহিব আটাইকেইজন। এই কথাক লৈ এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হোৱাৰ লগতে বিতৰ্কৰ সূচনা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ