অসম লাইভ ২৪ঃ পেলনীয়া প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হ’ব সুস্বাদু ভেনিলা। আইচক্ৰীমও তৈয়াৰ কৰা হ’ব এনে পেলনীয়া প্লাষ্টিকৰ পৰা। পৃথিৱীক প্লাষ্টিকমুক্ত কৰাৰ উদ্দেশ্যে অভিনৱ উদ্ভাৱন এডিনবৰা বিশ্ববিদ্যালয়ৰ গৱেষকৰ। পেলনীয়া প্লাষ্টিকৰ পৰা তৈয়াৰ কৰিব মানুহৰ প্ৰয়োজনীয় সামগ্ৰী তথা খাদ্য দ্ৰৱ্য। এডিনবৰা বিশ্ববিদ্যালয়ৰ গৱেষকে কম দিনৰ ভিতৰতে আৰম্ভ কৰিব এই প্ৰক্ৰিয়া। কম খৰচতে প্ৰদূষণমুক্ত কৰিব পৃথিৱীক। পেলনীয়া প্লাষ্টিকৰ ফলত সমগ্ৰ বিশ্বই যি সমস্যাৰ সন্মুখীন হৈছে তাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব বুলি উল্লেখ কৰিছে একাংশ বিজ্ঞানীয়ে। এডিনবৰা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ এই গৱেষণাপত্ৰ প্ৰকাশ পাইছে আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘গ্ৰীণ কেমেষ্ট্ৰী’ত। পেলনীয়া প্লাষ্টিকক মানুহৰ প্ৰয়োজনীয় সামগ্ৰীলৈ ৰূপান্তৰিত কৰিবৰ বাবে গৱেষকসকলক প্ৰয়োজন হ’ব ‘ই-কোলি’ নামৰ এক বিশেষ ধৰণৰ বেক্টেৰিয়া। ‘ই কোলি’য়ে সহজেই বতাহত থকা প্লাষ্টিকৰ প্ৰদূষণ ৰোধ কৰিব পাৰে। উল্লেখ্য, বিশ্বত প্ৰতি মিনিটত ১০ লক্ষাধিক প্লাষ্টিকৰ বটল বিক্ৰী হয়। ইয়াৰে কেৱল ১৪ শতাংশ প্লাষ্টিক পুনৰ ব্যাৱহাৰৰ বাবে উপযোগী। গতিকে এডিনবৰা বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ এই প্ৰচেষ্টাই বিশ্বক প্লাষ্টিক প্ৰদূষণ মুক্ত কৰিব বুলি আশাবাদী গৱেষকসকল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ