অসম লাইভ ২৪ঃ চনু ছুডে পুত্ৰৰ বাবে ক্ৰয় কৰা নাই ৩ কোটি টকাৰ বিলাসী বাহন। পিতৃ দিৱসত পুত্ৰক বিলাসী বাহন উপহাৰ দিয়াৰ কথা নসাৎ কৰিছে অভিনেতাগৰাকীয়ে। সম্প্ৰতি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা চনু ছুড। বিগত সপ্তাহত অভিনেতাগৰাকীৰ এটি ভিডিঅ’ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত চনু ছুডক ব্ৰেণ্ড নিউ Mercedes-benz maybach gls 600 suvৰ সৈতে প্ৰত্যক্ষ কৰিছিল অনুৰাগীয়ে। ভিডিঅ’টোৰ মতে, এই ব্ৰেণ্ড নিউ বিলাসী বাহনখন আনিছিল পুত্ৰ ঈশানৰ বাবে। তাৰ পাছতেই সমালোচনাৰ সন্মুখীন হৈছিল অভিনেতা চনু ছুড। কিন্তু শেহতীয়াভাৱে ভিডিঅ’ সন্দৰ্ভত অভিনেতাগৰাকীয়ে স্পষ্টীকৰণ দিছে। এই বিলাসী বাহনখন তেওঁৰ পুত্ৰৰ বাবে ক্ৰয় কৰা নাই। টেষ্ট ড্ৰাইভৰ বাবেহে ঘৰলৈ আনিছিল বিলাসী বাহনখন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ