অসম লাইভ২৪ঃ কাৰাগাৰৰ ভিতৰত থকা বন্দীৰ সৈতে সম্পৰ্ক স্থাপন কৰি বিপদত আৰক্ষী৷ এলেক্স কক্সন নামৰ ২৫ বছৰীয়া এগৰাকী আছামীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল তিনিগৰাকী মহিলা আৰক্ষীয়ে৷ ঘটনাটো ব্ৰিটেইনৰ৷ ব্ৰিটেইনৰ ওয়েলছৰ বাৰউইন জে’লত এই ঘটনা৷
কেৱল এগৰাকী কয়দীৰ সৈতেই সম্পৰ্কত লিপ্ত হৈছিল এনে নহয়৷ সেই কাৰাগাৰৰে আয়েশা খুৰম নামৰ কয়দীৰ সৈতেও সম্পৰ্ক স্থাপন কৰিছিল এইসকল মহিলা আৰক্ষীয়ে৷ আয়েশা খুৰমে ডকাইতিৰ অপৰাধত ১২ বছৰ কাৰাগাৰত আছে৷ জন মেকেগী নামৰ এটা কয়দীৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰিছিল এমিলি ওয়াটছনে৷ কাৰাগাৰৰ ভিতৰতেই মহিলা আৰক্ষী এমিলিয়ে সঙ্গমতো লিপ্ত হৈছিল৷ এইছ এমপি বাৰউইন নামৰ কাৰাগাৰত প্ৰায় ৫০০ জন কৰ্মচাৰী আছে৷ এই কৰ্মচাৰীসকলৰ অধিকাংশই এই প্ৰেমক সমৰ্থনো জনাইছে৷
ইতিমধ্যে বিষয়টো আদালতৰ কাঠগড়াত উঠাৰ বাবে এই কাৰ্যক অনৈতিক বুলি ৰায় দিয়ে আদালতে৷ আদালতে ৩ গৰাকী জেলৰক্ষীকেই জেল হাজোতত ৰখাৰ নিৰ্দেশ দিছে৷ দ্বিতীয়বাৰ যাতে আৰু এনে ঘটনা নহয় তাৰবাবে এই ব্যৱস্থা লোৱা বুলিও উল্লেখ কৰিছে আদালতে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ