অসম লাইভ২৪ঃ ২০২০-২০২১ ৰ পৰা উচ্চশিক্ষা আৰু অনলাইন শিক্ষা সৰ্বত্ৰতে আৰম্ভ হৈছে৷ কৰ’না মহামাৰীৰ পৰাই ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ডিজিটেলাইজেশ্যন আৰম্ভ হৈছে৷ এই ডিজিটেল মাধ্যমৰ আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২০২৩ ত আৰম্ভ হ’ব ভাৰতৰ প্ৰথমখন ডিজিটেল বিশ্ববিদ্যালয়৷ নতুন বছৰৰ মাজভাগতেই দেশত আৰম্ভ হ’ব নেশ্যনেল ডিজিটেল ইউনিভাৰ্চিটি(NDU)৷ ইয়াৰোপৰি ভাৰততেই প্ৰতিষ্ঠা হ’ব উচ্চশিক্ষা কমিছনো৷
২০২৩ আৰু ২০২৪ চনৰ শিক্ষাবৰ্ষত ছাত্ৰ-ছাত্ৰীসকলে এইখন বিশ্ববিদ্যালয়তেই অধ্যয়ন কৰিব পাৰে৷ ডিজিটেল বিশ্ববিদ্যালয়ত প্ৰাথমিক অৱস্থাত চাৰ্টিফিকেট আৰু ডিপ্লমা কৰ্ছৰ ব্যৱস্থা কৰা হ’ব৷ পৰবৰ্তী শিক্ষাবৰ্ষত ডিগ্ৰীৰো ব্যৱস্থা থাকিব৷ আগন্তুক সময়ত ডিজিটেল বিশ্ববিদ্যালয়েই ভাৰতৰ শিক্ষা ব্যৱস্থাত বিশেষ ভুমিকা ল’ব বুলি শিক্ষাবিদসকলেও মন্তব্য কৰা পৰিলক্ষিত হৈছে৷
শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰা অনুযায়ী ষ্টাডি ওয়েবছ অফ এক্টিভ লাৰ্ণিং ফৰ ইয়াং আস্পাইৰিং মাইণ্ডছ (SWAYAM) প্লেটফৰ্মত বিশ্ববিদ্যালয়ৰ কামকাজ আৰম্ভ হৈছে৷ এই প্লেটফৰ্মত ভাৰ্ছুৱেল কেম্পাছো থাকিব বুলি জনাইছে শিক্ষামন্ত্ৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ