অসম লাইভ ২৪ঃ ৰাজ্যসভাৰ নিৰ্বাচনলৈ মনোনীত সুস্মিতা দেৱৰ নাম৷ তৃণমূল কংগ্ৰেছৰ পৰা মমতা বেনাৰ্জীয়ে উচ্চ সদনলৈ মনোনীত কৰে সুস্মিতা দেৱৰ নাম৷ আজি টুইটযোগে দলে ঘোষণা কৰিলে এই কথা৷ ৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে চলিত বৰ্ষৰ আগষ্টত যোগদান কৰিছিল তৃণমূল কংগ্ৰেছত৷ আগন্তুক দিনত বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব সুস্মিতা দেৱ- মমতা বেনাৰ্জী৷ বংগত মমতা- অভিষেকৰ বিজেপিৰ বিৰুদ্ধে যুঁজত প্ৰধান হাঠিয়াৰ হ’ব শিলচৰৰ এইগৰাকী শক্তিশালী নেত্ৰী৷ উল্লেখ্য, সুস্মিতাৰ কংগ্ৰেছ ত্যাগে বৰাকত শক্তিহীন কৰি তুলিছে কংগ্ৰেছক৷
We are extremely pleased to nominate @SushmitaDevAITC to the Upper House of the Parliament.@MamataOfficial‘s vision to empower women and ensure their maximum participation in politics shall help our society to achieve much more!
— All India Trinamool Congress (@AITCofficial) September 14, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ