সোণ কিনিম বুলি ভাবিছে নেকি, হোৰাহোৰে কমিছে মূল্য, ১০ দিনত ৪ বাৰ হ্ৰাস
সোণৰ মূল্য হ্ৰাস হোৱা অব্যাহত আছে। ৫ আগষ্টৰ পৰা আৰম্ভ হোৱা সোণৰ মূল্য হ্ৰাস আজি ৮ আগষ্টতো বন্ধ হোৱা নাই। আজি দিল্লীত ২৪ কেৰেটৰ সোণ প্ৰায় ৫০০ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৬৯৪২০ টকা হৈছে। একেদৰে মুম্বাই আৰু কলকাতাতো ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৬৯২৭০ টকা হৈছে।
৫ আগষ্টত ২৪ কেৰেট সোণৰ মূল্য আছিল ৭০৭৩ টকা। ৬ আগষ্টত আছিল ৬৯৮৬ টকা। একে সময়তে কালি অৰ্থাৎ ৭ আগষ্টত ৪৪ টকা হ্ৰাস পাই ৬৯৪২০ টকা হৈছিল। বিগত ১০ দিনত ৪ গুণ হ্ৰাস পাইছে সোণৰ হাৰ।
পাছে কিয় কমিছে সোণৰ দাম ! বাজেটত শুল্ক কমি যোৱা কথা ঘোষণাৰ বাবে মূল্য এইদৰে হ্ৰাস পাইছে। ভৱিষ্যতে আৰু কিছু মূল্য হ্ৰাস পোৱাৰ সম্ভৱনা, কিনয়ো শুক্ল কমাৰ বাবে ইয়াৰ আমদানি সস্তা হ’ব আৰু মানুহে সস্তাত সোণ পাব।
কিন্তু বিশেষজ্ঞসকলৰ মতে ভাৰতত এই অৱনতি বেছি দিন নাথাকিব কাৰণ ইয়াত সোণৰ সাংস্কৃতিক গুৰুত্ব অতি বেছি। ইয়াৰ উপৰিও বিশ্বৰ বজাৰৰ ধাৰা, মুদ্ৰাৰ মূল্য আৰু বৰ্তমানৰ অৰ্থনৈতিক অৱস্থাইও সোণৰ মূল্যত প্ৰভাৱ পেলায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ