অসম লাইভ ২৪ঃ বাছভাৰা বৃদ্ধিৰ উকমুকনি। ৰাজ্যৰ বিভিন্ন স্থানত বাছ মালিক-কৰ্মচাৰীৰ প্ৰতিবাদ। হ্ৰস্ব আৰু দীৰ্ঘ দূৰত্বৰ সকলো যাত্ৰীবাহী বাহনৰ ভাৰাবৃদ্ধিৰ দাবী বাছ মালিক-কৰ্মচাৰীৰ। কিয় বঢ়াব লাগে বাছ ভাৰা? লকডাউনত ক্ষতিগ্ৰস্ত বাছ মালিক, হোহোৱাই বাঢ়িছে পেট্ৰ’ল, ডিজেলৰ দাম। তদুপৰি পৰিৱহণ বিভাগে যধেমধে জৰিমনা বিহা আৰু টোলগেট বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভাৰা বৃদ্ধিৰ দাবী উত্থাপন কৰিছে বাছ মালিক-কৰ্মচাৰীসকলে। জৰিমনা বিহাৰ বিৰুদ্ধে আৰু ভাৰাবৃদ্ধিৰ দাবীত ডিব্ৰুগড়ত অনিৰ্দিষ্ট কাললৈ যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ ৰখাৰ হুংকাৰ দিছে বাছ মালিক-কৰ্মচাৰীয়ে। ডিব্ৰুগড়লৈ বিভিন্ন স্থানৰ পৰা অহা যাত্ৰীবাহী বাণিজ্যিক বাহনৰ চলাচলত বাধা আৰোপ কৰে প্ৰতিবাদকাৰীয়ে। যাত্ৰীবাহী বাহনৰ সৈতে জড়িত ডিব্ৰুগড়ৰ কেইবাটাও সংগঠনে ভাৰা বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ডিমৌতো বাছ মালিক, চালক সন্থাই আবদ্ধ কৰিলে মার্ঘেৰিটা-যোৰহাট অভিমুখী যাত্ৰীবাহী বাছ। ইয়াৰ উপৰি ৰাজ্যৰ আন কেইবা ঠাইটো ভাৰাবৃদ্ধিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাছ মালিক-কৰ্মচাৰীসকলে। ইপিনে, ভাৰা বৃদ্ধিৰ বাবে প্ৰতিবাদ চলি থকাৰ সময়তে একাংশ বাছে অতিৰিক্ত ভাৰা আদায় কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ যাত্ৰীয়ে। এতিয়া কোনো পক্ষৰে ক্ষতি নোহোৱাকৈ কি কৌশলেৰে বিষয়টো চৰকাৰে মীমাংসা কৰে সেয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ