বক্সিঙৰ পৰা ভাৰতৰ পদক প্ৰাপ্তিৰ আশা কেৱল লাভলীনা বৰগোঁহাইৰ পৰাই দেশে কৰিছিল৷ কিন্তু শেষ আঁঠত থমকি ৰ’ব লগা হ’ল অসম কন্যা লাভলীনা৷ পেৰিছ অলিম্পিকত বক্সিঙত মহিলাৰ ৭৫ কেজি বিভাগৰ কোৱাৰ্টাৰ ফাইনেলত চীনা প্ৰতিপক্ষৰ হাতত ধৰাসায়ী হয় টকিঅ’ অলিম্পিকত ব্ৰঞ্জবিজয়ী লাভলীনা৷
মহিলাৰ ৭৫ কেজি বিভাগৰ কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথম ৰাউণ্ডত ৩-২ স্প্লিট ডিচিছনত আগুৱাই যায় লি কিয়ান৷ ইয়াৰপাছতেই দ্বিতীয় ৰাউণ্ডত তেওঁ ৩-২ জয়লাভ কৰে৷ লাভলীনাই ওলোটাই পাঞ্চ মাৰিবলৈ চেষ্টা কৰিছিল কিন্থু শেষ তিনি মিনিটত লাভলীনাই যুঁজ দিব নোৱাৰিলে চীনা বক্সাৰৰ বিৰুদ্ধে৷ যাৰ ফলত ৪-১ ব্যৱধানত মেচ জয় কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিলে লি কিয়ান৷
লাভলীনাৰ পাঞ্চেৰে পদক জয় কৰাৰ সপোন পূৰণ নহ’ল দেশবাসীৰ৷ পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলতেই থমকি ৰ’ল লাভলীনাৰ দৌৰ৷ লাভলীনাৰ পৰাজয়ৰ লগে লগেই ভাৰতে অলিম্পিকৰ বক্সিঙত পদক লাভৰ সপোনো শূন্য হৈ পৰিল৷ টকিঅ’ অলিম্পিকত ৬৯ কেজি বিভাগত নামি পদক জয় কৰিছিল লাভলীনাই৷ এইবাৰ তেওঁৰ কেটাগৰী সলনি হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ