প্ৰশান্ত মহাসাগৰত প্ৰকৃতিৰ কালৰূপ। আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত টংগাত সৃষ্টি হৈছে চুনামি। বানত ডুবিছে দেশখনৰ বিভিন্ন প্ৰান্ত। সমগ্ৰ দেশতেই প্ৰশাসমৰ ফালৰ পৰা জাৰি কৰা হৈছে হাইএলাৰ্ট। সকলো লোককে সাৱধানতা অৱলম্বন কৰিবৰ আহ্বান জনোৱা হৈছে। নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া পৰ্যন্ত জাৰি কৰা হৈছে হাইএলাৰ্ট। টংগাৰ ৰাজধানী আগ্নেয়গিৰিৰ পৰা মাত্ৰ ৬৫ কিলোমিটাৰ উত্তৰে, দেশখনৰ মুখ্য দ্বীপ টংগাটাপুত আগ্নেয়গিৰিৰ উদগীৰণ। সাগৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে মানুহৰ ঘৰৰ মাজেৰেই পৰা হৈছে পানী। আগ্নেয়গিৰিৰ বাবে গেছ, ধোঁৱা আৰু ছাইৰ টুকুৰাবোৰ ২০কিলোমিটাৰ ওপৰলৈকে গৈছে। কিন্তু বৰ্তমানলৈকে কোনো ক্ষয়-ক্ষতিৰ খৱৰ অহা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ