হালধীয়া ছাল, হালধীয়া চকু যেনেকৈ জণ্ডিছৰ লক্ষণ৷ তেনেকৈ আপুনি সুস্থ হৈ আছেনে সেয়া কৈ দিয়ে আপোনাৰ জিভাৰ ৰঙেই৷ জিভাৰ বিভিন্ন ৰঙে আপোনাৰ শৰীৰৰ বিভিন্ন ৰোগৰ ইংগিত দিয়ে৷ শৰীৰৰ ৰোগ সৰুৱেই হওক বা ডাঙৰ হওক আপুনি যদি ডাক্তৰৰ কাষলৈ যায় তেন্তে প্ৰথমেই ডাক্টৰে আপোনাৰ জিভা চায়৷
কিন্তু জিভাৰ কি চাই ৰোগৰ লক্ষণ কৈ দিব পাৰি? প্ৰকৃততে আপোনাৰ জিভা চায়েই চিকিৎসকে বহু ৰোগ সম্পৰ্কে বুজি যায়৷ জানক জিভাৰ বিভিন্ন ৰঙে কি কি ৰোগৰ ইংগিত দিয়ে?
জিভাত বগা দাগঃ
আপোনাৰ জিভাত বগা দাগ থাকিলে ইষ্ট ইনফেকছনৰ লক্ষণ হ’ব পাৰে৷ বগা দাগ প্ৰায় শিশু বা বয়স্কসকলৰ মাজতেই দেখা যায়৷ বগা জিভা ডিহাইড্ৰেছনৰ সৈতে এক সমস্যাকো নিৰ্দেশ কৰে৷ লিউকোল্পাকিয়াতো জিভা বগা হৈ পৰে৷
ক’লা জিভাঃ
ক’লা জিভা ডিঙিৰ সংক্ৰমণ বা বেক্টেৰিয়া হোৱাৰ লক্ষণ৷ অতিৰিক্ত ঔষধ খালেও জিভা ক’লা হৈ যায়৷ ডায়বেটিছ ৰোগীৰো জিভা ক’লা হয়৷ কৰ্কটত আক্ৰান্ত ৰোগীৰো জিভা ক’লা হ’ব পাৰে৷ ইয়াৰোপৰি পাকস্থলীৰ আলছাৰতো জিভাৰ ৰং ক’লা দেখা যায়৷ এই লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওক৷
হালধীয়া জিভাঃ
হালধীয়া জিভা জণ্ডিচৰ লক্ষণ৷ এয়া কিন্তু প্ৰাথমিক লক্ষণহে৷ এই ঘটনা ঘটিলে চিকিৎসকৰ সৈতে যোগাযোগ কৰক৷
নীলা বা বাদামী জিভাঃ
নীলা বা বাদামী জিভা বিপজ্জনক৷ বাদামী জিভাৰ অৰ্থ হাৰ্টৰ সমস্যা আছে৷ হাৰ্টে ঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰিলে তেজত অক্সিজেনৰ অভাৱ হ’লে জিভা বাদামী হৈ পৰে৷
বিৱৰ্ণ জিভাঃ
জিভা যদি বিৱৰ্ণ হৈ পৰে তেন্তে সেয়া তেজৰ অভাৱৰ লক্ষণ৷ ভিটামিন বি-১২ৰ অভাৱ হ’লেও এই ধৰণৰ সমস্যা হয়৷ এইক্ষেত্ৰত অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লওক৷
কিন্তু সুস্থ মানুহৰ জিভাৰ ৰং কেনে হোৱা উচিত? স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, জিভাৰ ৰং গাঢ় গোলাপী আৰু পাতল বগা আৱৰণযুক্ত হ’ব পাৰে৷ তেতিয়াহে আপুনি সুস্থ বুলি ধৰিব পাৰিব৷ জিভাত আৰ্দ্ৰতাৰ অভাৱো ৰোগৰেই লক্ষণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ