অনুৰাগীলৈ ভাল খবৰ, ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব ক্ৰিকেটৰ ৰোমাঞ্চকৰ ৰণ
ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে আই পি এল ২০২৫ মাজভাগত এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছিল। কিন্তু এতিয়া অনুৰাগীসকলৰ বাবে আহিছে সুখবৰ। পুনৰ আৰম্ভ হব ক্ৰিকেটৰ ৰোমাঞ্চকৰ খেল আই পি এল।
১৭ মে’ৰ পৰা আকৌ এবাৰ আৰম্ভ হবলৈ ওলাইছে আই পি এল। কলকাতা আৰু বাংগলুৰুৰ মাজৰ খেলেৰে দ্বিতীয়বাৰৰ বাবে আৰম্ভ হব আই পি এলৰ ১৮ সংখ্যক ছিজন। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেল।
উল্লেখ্য যে আই পি এলৰ বাকী থকা গ্ৰুপ ষ্টেজৰ মেচসমূহ ৬ টা স্থানত অনুষ্ঠিত হ’ব। ২৫ মে’ত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখন এতিয়া ৩ জুনত অনুষ্ঠিত হ’ব। কিন্তু আই পি এলৰ প্লে অফৰ মেচ ক’ত অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত বিচিচিআইয়ে কোনো তথ্য দিয়া নাই।
আই পি এলৰ বাকী সকলো গ্ৰুপ পৰ্যায়ৰ খেল বেংগালুৰু, জয়পুৰ, দিল্লী, লক্ষ্ণৌ, মুম্বাই আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















