আগষ্ট মাহ শেষ হওঁ হওঁ৷ শেহতীয়াকৈ কেইবাটাও বৃহৎ গাড়ী কোম্পানীয়ে বাহন বিক্ৰী বৃদ্ধিৰ বাবে বৃহৎ ৰেহাই দিছে ক্ৰেতাক৷ বিক্ৰী বৃদ্ধিৰ বাবে টয়োটাইও নিজৰ কেইবাখনো বাহনত সৰ্বাধিক ৰেহাই দিছে। এই মাহত টয়োটাৰ গ্লাঞ্জা, আৰ্বান ক্ৰুজাৰ হাইডাৰ, ফৰ্চুনাৰ আৰু হাইলাক্স ক্ৰয় কৰিলে ৫ লাখ টকা পৰ্যন্ত ৰেহাই পাব ক্ৰেতাই। কোনখন গাড়ীত টয়োটাই কিমান ৰেহাই দিছে?
টয়োটা আৰ্বান ক্ৰুজাৰ টাইচৰত ৬৫ হাজাৰ টকাৰ ৰেহাই
এই মাহত টয়োটাই নিজৰ আৰবান ক্ৰুজাৰ টেজাৰৰ টাৰ্বো-পেট্ৰল মডেলত প্ৰায় ৬৫ হাজাৰ টকাৰ ৰেহাই প্ৰদান কৰিছে। আৰ্বান ক্ৰুজাৰ টেজাৰৰ এক্স শ্ব’ৰুমৰ মূল্য ৭.৭৪ লাখ টকাৰ পৰা আৰম্ভ হৈ ১৩.০৪ লাখ টকালৈ বৃদ্ধি পায়। ইঞ্জিনৰ কথা ক’বলৈ গ’লে টয়োটাৰ এই SUVখনত আছে ১.২ লিটাৰৰ এস্পিৰেটেড ইঞ্জিন। ইয়াৰ লগতে ইয়াত আছে ১.০ লিটাৰৰ টাৰ্বো পেট্ৰ’ল ইঞ্জিন।
টয়োটা গ্লাঞ্জাত ৬৮ হাজাৰ টকাৰ ৰেহাই
ইয়াৰ উপৰিও টয়োটা গ্লাঞ্জাত ৬৮ হাজাৰ টকা পৰ্যন্ত ৰেহাই দিয়া হৈছে। এই গাড়ীৰ মূল্য ৬.৩৯ লাখ টকাৰ পৰা আৰম্ভ হৈ ৯.৬৯ লাখ টকা। ইঞ্জিনৰ কথা ক’বলৈ গ’লে ইয়াত ১.২ লিটাৰৰ পেট্ৰ’ল ইঞ্জিন আছে যি ৮৮.৫bhp শক্তিশালী। এইখন প্ৰিমিয়াম হেচবেক বাহন চিটি ড্ৰাইভৰ বাবে ভাল বিকল্প। গাড়ীখনত এণ্টি লক ব্ৰেকিং চিষ্টেম, ৬টা এয়াৰবেগ, চাৰ্জাৰ আৰু হেড-আপ ডিছপ্লেৰ দৰে বৈশিষ্ট্য আছে।
টয়োটা আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰত ৭৫ হাজাৰ টকা ৰেহাই
টয়োটা আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰে এই মাহত ৭৫ হাজাৰ টকা পৰ্যন্ত ৰেহাই লাভ কৰিছে। এই SUVখন বহুতো উন্নত বৈশিষ্ট্যৰে সজ্জিত। ইয়াত আছে ১.৫ লিটাৰ পেট্ৰ’ল ইঞ্জিন। এই গাড়ীৰ আৰম্ভণিৰ মূল্য ১১.১৪ লাখৰ পৰা ২০.১৯ লাখ টকালৈকে। সুৰক্ষাৰ বাবে এই গাড়ীখনত ৬টা এয়াৰবেগ, ইবিডিৰ সৈতে এণ্টি-লক ব্ৰেকিং চিষ্টেমৰ সুবিধা আছে।ইয়াৰ উপৰিও বাহনৰ ষ্টেবিলিটি কণ্ট্ৰ’ল, অটোমেটিক ক্লাইমেট কণ্ট্ৰ’ল, ৯ ইঞ্চি টাচ স্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, বেতাঁৰ চাৰ্জাৰ, হেড-আপ ডিছপ্লে, এম্বিয়েণ্ট ইণ্টেৰিয়ৰ লাইটিং, ৭ ইঞ্চি ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰৰ দৰে বৈশিষ্ট্যও উপলব্ধ।
টয়োটা হাইলাক্সত ৫ লাখ ৰেহাই
যদি আপুনি টয়োটা হাইলাক্স ক্ৰয় কৰিবলৈ আগ্ৰহী, তেন্তে এই বাহনখনত ৫ লাখ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি একাংশ ডিলাৰে আৰু অধিক ৰেহাই আগবঢ়াইছে। এই টয়োটা গাড়ীখনৰ মূল্য ৩০.৪০ লাখৰ পৰা ৩৭.৯০ লাখ টকালৈকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















