অসম লাইভ২৪ঃ জ্যোতিষ অনুসৰি মে মাহৰ গ্ৰহগতি নানান দিশৰ পৰা লাভজনক প্ৰমাণিত হ’ব৷ এই মাহত তিনি বাৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হ’ব৷ ১মে বৃষ ৰাশিত বৃহস্পতিয়ে প্ৰৱেশ কৰিছে৷ ইয়াৰোপৰি এই মাহত বুধ, সূৰ্য আৰু শুক্ৰই ৰাশি পৰিবৰ্তন কৰিব৷ এই গ্ৰহ গোচৰৰ ফলত একাধিক ৰাজযোগ তৈয়াৰ হ’ব৷ ইয়াৰ মাজত অন্যতম হৈছে ত্ৰিগ্ৰহী ৰাজযোগ৷ বিভিন্ন গ্ৰহ যুঁটিৰ ফলত তিনিবাৰ এই ৰাজযোগ তৈয়াৰ হ’ব৷ প্ৰতিক্ষেত্ৰতেই ইয়াৰ শুভ প্ৰভাৱ পৰিব তিনি ৰাশিৰ ওপৰত৷ কোন কোন গ্ৰহই কেতিয়া ত্ৰিগ্ৰহী যোগ তৈয়াৰ কৰিব?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ দিনটো আৰ্থিক দিশৰ পৰা শুভ৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ এই ৰাশিৰ জাতকৰ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে৷ উচ্চশিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে৷ আয়ৰ নতুন উৎস হাতলৈ আহিব৷ ভাগ্যৰ সংগ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ পৰিয়াল আৰু আৰ্থিক পৰিস্থিতিত মনোনিৱেশ কৰিব পাৰে৷ সাফল্য অৰ্জন কৰিব৷ চাকৰিয়াল আৰু ব্যৱসায়ী প্ৰচুৰ লাভাম্বিত হ’ব৷ কেৰিয়াৰত উন্নতিৰ যোগ৷ অপ্ৰত্যাশিত কোনো চাকৰি লাভ কৰিব পাৰে৷ এওঁলোকে পৰিশ্ৰমৰ ফল লাভ কৰিব৷ পুৰণা লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ ইয়াৰোপৰি ধন লাভৰ সম্ভাৱনা আছে৷ শুক্ৰৰ প্ৰভাৱত স্থাৱৰ সম্পত্তি ক্ৰয় কৰিব পাৰে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
বৃষ ৰাশি
মে মাহত তিনিবাৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হোৱাত ভাগ্য চমকি উঠিব বৃষ ৰাশিৰ জাতকৰ৷ সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰিব৷ দীৰ্ঘদিন ধৰি পাবলগীয়া ধন এই সময়ত লাভ কৰিব৷ ইয়াৰোপৰি ধন-ধ্যান বৃদ্ধি পাব৷ আয়ৰ নতুন উৎস লাভ কৰিব এই ৰাশিৰ জাতকে৷ ইয়াৰ ফলত অৰ্থাভাৱৰ পৰা মুক্তি পাব৷ ইয়াৰোপৰি অৰ্থ সঞ্চয় কৰিলে সফল হ’ব৷ পাৰিবাৰিক বিবাদৰ সমাধান হ’ব আৰু পৰিয়ালৰ সৈতে শুভ সময় কটাব৷ বুদ্ধি, কৌশল আৰু বাকচাতুৰ্যৰ কাৰণে নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে৷ আপোনাৰ কাম আৰু একাগ্ৰতা দেখি কৰ্মস্থানৰ উচ্চপদস্ত বিষয়াসকল প্ৰসন্ন হ’ব৷ পদোন্নতি আৰু বেতনবৃদ্ধি সম্ভৱ৷ স্বাস্থ্য ভালে থাকিব৷
মিথুন ৰাশি
এই ৰাশিৰ জাতকৰ বাবে মে মাহত গঠিত ৰাজযোগসমূহ লাভজনক৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই সময় শুভ৷ নতুন উৎসৰ পৰা আয় বৃদ্ধি হ’ব৷ ইয়াৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেটৰ সৈতে জড়িত জাতকৰ বাবে মে মাহ অত্যন্ত লাভজনক৷ এই ৰাশিত অঙ্গাৰক যোগৰ প্ৰভাৱ থকাৰ বাবেই শুভ সময় অতিবাহিত কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ