ভূমিকম্পত কঁপি উঠিল দক্ষিণ আমেৰিকাৰ দুই দেশ আৰ্জেণ্টিনা আৰু চিলি৷ কম্পনৰ মাত্ৰা ৭.৪ বুলি জানিব পৰা গৈছে৷ ইয়াৰপাছতেই আৰ্জেণ্টিনা আৰু চিলি কৰ্তৃপক্ষই চুনামীৰ সতৰ্কতা জাৰি কৰিছে৷ উপকূলীয় এলেকাৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ নিৰ্দেশ দিছে চৰকাৰে৷ প্ৰাথমিকভাৱেও কোনো ক্ষয়ক্ষতি বা হতাহতিৰ খবৰ বৰ্তমানলৈ লাভ কৰা হোৱা নাই৷
মাৰ্কিন ভূতাত্ত্বিক সমীক্ষা সংস্থা (ইউএছজিএছ)য়ে জনাইছে যে ভূমিকম্প ড্ৰেক পেছেজ সমুদ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ১০ কিঃমিঃ(৬.২ মাইল) গভীৰতা আৰ্জেণ্টিনাৰ উশুৱাইয়া চহৰৰ পৰা ২১৯ কিঃমিঃ দূৰৈত আৰু চিলিৰ পুয়েৰ্তো উইলিয়ামছ চহৰৰ পৰাও একেই দূৰত্বতেই এই ভূমিকম্প৷
স্থানীয় সময় পুৱা ৯.৫৮ত ভূমিকম্পত কঁপি উঠিছিল আৰ্জেণ্টিনা আৰু চিলি৷ ইয়াৰপাছতেই কেইবাটাও সৰু আফটাৰশ্বক অনুভূত হৈছে৷ চিলিৰ প্ৰেছিডেণ্ট গেব্ৰিয়েল বোৰিছে এক্স যোগে জনাইছে যে ভূমিকম্পৰ ক্ষয়ক্ষতিৰ মোকাবিলাত দেশৰ সক্ষমতাৰ সকলোখিনিয়েই কৰা হব৷ তেওঁ এক্সত লিখিছে, ‘আমি মেগলেনাছ অঞ্চলৰ সম্পূৰ্ণ উপকূলৰ পৰা জনতাক আঁতৰাইছো৷ এই মুহূৰ্তত আমাৰ দায়িত্ব হৈছে প্ৰস্তুত থকা আৰু কৰ্তৃপক্ষৰ নিৰ্দেশ মানি চলা৷’
দক্ষিণ আমেৰিকাৰ দেশ চিলি ভূমিকম্পত সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ দেশসমূহৰ মাজত এখন৷ চিলি ভূমিকম্পপ্ৰৱণ৷ তিনিখন টেকটনিক প্লেট চিলিৰ ভূখণ্ডৰ মাজত একত্ৰিত হৈছে৷ এই টেকটনিক প্লেটসমূহ হৈছে নাজকা, দক্ষিণ আমেৰিকান আৰু এণ্টাৰ্কটিক প্লেট৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ