২০০ টকাই কাল, শিক্ষক দিৱসৰ দিনাই শিক্ষকে প্ৰাণ কাঢ়িলে ছাত্ৰৰ
২০০ টকা এটাৰ কাৰণেই প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰই। তাকো শিক্ষক দিৱসৰ দিনাই সংঘটিত হৈছে এক নিদাৰুণ ঘটনা। শিক্ষকে মৰিয়াই মৰিয়াই মাৰি পেলালে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক।
এই ঘটনা সংঘটিত হৈছে বিহাৰত। বিহাৰৰ কাটিহাৰত শিক্ষক দিৱসৰ দিনা সংঘটিত হৈছিল এই ঘটনা। যি দিনটোত ছাত্ৰ-ছাত্ৰী সকলে শিক্ষকৰ প্ৰতি নিজৰ নিজৰ শ্ৰদ্ধা প্ৰকাশ কৰে। সেই দিনটোতেই সংঘটিত হৈছে এই ঘটনা।
৫ ছেপ্টেম্বৰৰ দিনা কাটিহাৰৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক সকলৰ বাবে অনুষ্ঠানৰ আয়োজন কৰিছিল। যি অনুষ্ঠানতেই এগৰাকী শিক্ষকে এজন দশম শ্ৰেণীৰ ছাত্ৰৰ হাতত ২০০ টকা দি মিঠাই আনিবলৈ পঠিয়াই দিয়ে।
পাছে দুৰ্ভাগ্যবশতঃ ছাত্ৰগৰাকীয়ে সেই টকা হেৰুৱাই দিয়ে। যাৰ বাবে উভতি আহি শিক্ষকগাৰকীক সেই কথা কোৱাত খঙতে অগ্নিশৰ্মা হৈ পৰে শিক্ষকগৰাকী। আৰু উধাই মুধাই মাৰিবলৈ ধৰে ছাত্ৰক। শেষক একো নাই হৈ খঙৰ কোবত ডিঙিত টেপা মাৰি ধৰে শিক্ষকগৰাকীয়ে।
যাৰ বাবেই অকালতে প্ৰাণ হেৰুৱাব লগা হয় ছাত্ৰগৰাকীয়ে। মাত্ৰ ২০০ টকা এটাৰ বাবে শিক্ষক দিৱসৰ দিনা শ্ৰদ্ধাৰ শিক্ষকৰ হাততে প্ৰাণ হেৰুৱাই ছাত্ৰই। শিক্ষক দিৱসৰ দিনা যমৰাজৰ ৰূপত আহে শিক্ষকগৰাকী। বৰ্তমানে ছাত্ৰৰ পৰিয়ালৰ অভিযোগৰ পাছতে আৰক্ষীয়ে আটক কৰিছে শিক্ষকগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















