অসম লাইভ২৪ঃ ৩০ এপ্ৰিল ২০২৪ মঙলবাৰে পঞ্জিকা অনুসৰি ব’হাগ মাহৰ কৃষ্ণ পক্ষৰ সপ্তমী তিথি৷ চন্দ্ৰই কাইলৈ ধনু ৰাশি এৰি মকৰ ৰাশিত গোচৰ কৰিব৷ কাইলৈ কেইবাটাও শুভ যোগৰ সৃষ্টি হ’ব৷ এই শুভ যোগসমূহ হৈছে সাধ্য যোগ, ত্ৰিপুষ্কৰ যোগ আৰু ৰবি যোগ৷ ইয়াৰোপৰি কাইলৈ মঙলবাৰে দিনজুৰি থাকিব উত্তৰাষাঢ়া নক্ষত্ৰৰ প্ৰভাৱ৷ ইয়াৰ ফলত কাইলৈ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব৷ জ্যোতিষ অনুসৰি মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷
জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ এই সকলো ৰাশিৰ জাতকে নিজৰ আৰ্থিক উন্নীত কৰাৰ সুযোগ পাব৷ জানি থওক মঙলবাৰে জ্যোতিষ গণনা অনুসৰি কাৰ কাৰ সৌভাগ্য লাভ হ’ব৷
বৃষ ৰাশি
৩০ এপ্ৰিল দুৰ্দান্ত হ’ব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মূৰত নতুন কোনো চিন্তা আহিব৷ ইয়াৰ ফলত জীৱনত উন্নতি কৰাৰ নতুন ৰাস্তা লাভ কৰিব আপুনি৷ উপাৰ্জনৰ নতুন পথ মুকলি হ’ব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি কামৰ প্ৰতি মনোযোগী হৈ উঠিব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ কাৰ্যালয়ত উৰ্ধতন কৰ্তৃপক্ষৰ সহায় পাব৷
কৰ্কট ৰাশি
ৰবি যোগৰ শুভ প্ৰভাৱ কাইলৈ আপোনাৰ ওপৰত থাকিব৷ বজৰংবলীৰ আশীৰ্বাদো লাভ কৰিব৷ নিজৰ সকলো কাম উৎসাহ আৰু উদ্দীপনাৰ সৈতে কৰিব৷ নিজৰ ব্যৱসায় চলোৱা, বৃহৎ কোনো চুক্তিতো স্বাক্ষৰ কৰিব পাৰে৷ একাধিক উপায়েৰে টকা উপাৰ্জন কৰিব পাৰে সিংহ ৰাশিৰ জাতকে৷ পৰিয়ালত কোনো সমস্যা থাকিলে আঁতৰি যাব৷
তুলা ৰাশি
সাধ্য যোগৰ শুভ প্ৰভাৱ লক্ষ্যনীয় হ’ব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ আপোনাৰ জীৱনত যি সমস্যাই নাহক কিয় সমাধান পাবই৷ কাইলৈ আপুনি অইন কাৰোবাৰ ওপৰত নেতৃত্ব দিব পাৰে৷ নিজৰ প্ৰতিযোগীসকলক পিছপেলাই আগবাঢ়িব আপুনি৷ অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰে৷ মনত সুখ শান্তি ভৰপুৰ হৈ থাকিব৷
কুম্ভ ৰাশি
৩০ এপ্ৰিলত পজিটিভ পৰিবৰ্তন আহিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ কাইলৈ আপোনাৰ সন্মুখত অতিৰিক্ত অৰ্থ উপাৰ্জনৰ পথ মুকলি হ’ব৷ পাবলগীয়া ধন লাভ কৰিব৷ নিজৰ বেংক বেলেন্স বাঢ়িব৷ প্ৰবীণসকলৰ আশীৰ্বাদ লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ