বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত তুলসী গছ থকাটো অত্যন্ত শুভ বুলি বিবেচিত হয়৷ বিশ্বাস কৰা হয় যে তুলসী গছে সকলো বিপদৰ পৰা ৰক্ষা কৰে৷ হিন্দু ধৰ্মত তুলসীৰ গভীৰ ধৰ্মীয় তাৎপৰ্য আছে৷ বিশ্বাস কৰা হয় যে ঘৰত তুলসী গছ থাকিলে নেতিবাচক শক্তি দূৰ হয় আৰু ইতিবাচক শক্তিৰ প্ৰবাহ বৃদ্ধি পায়৷ তুলসীৰ সঠিকভাৱে যত্ন ল’লে ঘৰত সুখ, সমৃদ্ধি, শান্তি আৰু সৌভাগ্যই বাস কৰে৷ জানি থওক তুলসী গছৰ কাষত কি কি ৰখা উচিত নহয়?
শিৱলিংগ
বাস্তুশাস্ত্ৰ অনুসৰি তুলসী গছ যি স্থানত ৰখা হয় তাত শিৱলিংগ ৰখা উচিত নহয়৷ বহু সময়ত তুলসীৰ পাত্ৰত শিৱলিংগ স্থাপন কৰি একেলগে উভয়ৰে পূজা কৰে৷ এয়া মুঠেও সঠিক নহয়৷ পুৰাণ অনুসৰি ভগৱান শিৱই তুলসীৰ স্বামী আৰু ৰাক্ষস ৰজা শঙ্খচূড়ক হত্যা কৰিছিল৷ সেই কাৰণেই শিৱ পূজাত তুলসী ব্যৱহাৰ কৰা নহয়৷ আনকি শঙ্খ ব্যৱহাৰ কৰি শিৱলিংগত পানী নিবেদন কৰাৰো প্ৰথা নাই৷
গণেশ পূজা
জ্যোতিষশাস্ত্ৰ অনুসৰি তুলসী দি গণেশৰ পূজা নিষিদ্ধ বুলি ধাৰণা কৰা হয়৷ পুৰাণে কৈছে তুলসীয়ে এবাৰ গণেশক বিবাহৰ প্ৰস্তাৱ দিছিল, কিন্তু তেওঁ নিজতে ব্ৰহ্মচাৰী বুলি দাবী কৰি সেয়া প্ৰত্যাখ্যান কৰিছিল৷ ইয়াত ক্ষুদ্ধ হৈ তুলসীয়ে গণেশক দুটাকৈ বিবাহৰ অভিশাপ দিয়ে৷ যাৰ পাছত গণেশে তুলসীক এক ৰাক্ষসক বিয়া কৰোৱাৰ অভিশাপ দিয়ে৷ তাৰপিছৰে পৰাই গণেশ পুজাত তুলসী ব্যৱহাৰ কৰা নহয়৷
জুতা বা ভৰি মোচা সামগ্ৰী
বাস্তু অনুসৰি তুলসী গছৰ কাষত জুতা বা ভৰি মোহৰা কাপোৰ বা মেট ৰখাটো অপবিত্ৰ বুলি বিবেচিত হয়৷ কোৱা হয় যে দেৱী লক্ষ্মী তুলসীত বাস কৰে৷ সেয়ে তাৰ কাষত জুতা ৰাখিলে দেৱীয়ে খং কৰিব পাৰে৷ যাৰ ফলত আৰ্থিক ক্ষতি আৰু সংকটে দেখা দিব পাৰে৷
ঝাড়ু
শাস্ত্ৰত কোৱা হৈছে তুলসী গছৰ কাষত কেতিয়াও ঝাড়ু ৰখা উচিত নহয়৷ ঝাড়ু গৃহস্থালিৰ অপবিত্ৰতাৰ সৈতে জড়িত৷ সেয়ে তুলসী গছৰ কাষত ঝাড়ু ৰখাটো অসন্মানজনক বুলি বিবেচিত হয়৷ ইয়াৰ ফলত দাৰিদ্ৰৰ সৃষ্টি হ’ব পাৰে আৰু ঘৰত সমস্যা বৃদ্ধি পাব পাৰে৷
কাঁইটযুক্ত গছ
বাস্তু অনুসৰি তুলসীৰ কাষত কাঁইটযুক্ত গছ লগোৱাটো অশুভ বুলি বিবেচিত হয়৷ ইয়াৰ ফলত উত্তেজনা, কলহ আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ যদি আপুনি গোলাপ ল’গাব খোজে তেন্তে ইয়াৰ পৰা কিছু দূৰৈত ৰোৱক৷
তুলসী পাত চিঙা
শাস্ত্ৰ অনুসৰি একাদশী, দেওবাৰ, সূৰ্য আৰু চন্দ্ৰগ্ৰহণৰ দৰে নিৰ্দিষ্ট দিনত তুলসী পাত চিঙা নিষিদ্ধ৷ ইয়াৰোপৰি নিশা তুলসী পাত চিঙাও অশুভ বুলি বিবেচিত হয়৷ প্ৰয়োজন নহ’লে অপ্ৰয়োজনীয়ভাৱে পাত ছিঙাটোও বেয়া অভ্যাস৷ কাৰণ তুলসীৰ প্ৰতি অসন্মানজনক বুলি বিবেচিত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















