অভিনেত্ৰীসকলৰ জীৱন যিমানেই গ্লেমাৰাছ নহওক কিয়, তেওঁলোকৰো দুখ আছে বুলি আকৌ এবাৰ প্ৰমাণিত হৈছে। বাহিৰৰ পৰা যিমানেই সুখী যেন লাগিলেও, ভিতৰৰ পৰা সিমানেই বেদনাদায়ক। টেলিভিছনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে বিগত সময়ত হিংসা আৰু মানসিক অশান্তিত ভুগি থকা সম্পৰ্কে চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে।
জনপ্ৰিয় টিভি অভিনেত্ৰী নীতি টেলৰে নিজৰ অতীতৰ এক অতি বেদনাদায়ক আৰু দুখজনক সম্পৰ্কৰ বিষয়ে ৰাজহুৱাভাৱে মুকলিকৈ কয়।
‘এলায়েন্স’ৰ ৰিয়েলিটি শ্ব’ত তেওঁ আগতে সহ্য কৰা ঘৰুৱা হিংসা আৰু আৱেগিক যন্ত্ৰণা সম্পৰ্কে এক চাঞ্চল্যকৰ সত্য প্ৰকাশ কৰে। প্ৰেমিকৰ হাতত তেওঁৰ নিৰ্যাতনৰ কথা শুনি তেওঁৰ অনুৰাগীসকলো স্তম্ভিত হৈ পৰিছিল।
প্ৰাইম ভিডিঅ’ ৰিয়েলিটি শ্ব’ত মিনি মাথুৰ, ৰুহী দোছানী আৰু ডেলবাৰ আৰিয়াৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত নীতিয়ে এই চাঞ্চল্যকৰ কাণ্ডৰ বৰ্ণনা কৰে।
সম্পৰ্কটোৰ সেই ভয়ংকৰ মুহূৰ্তবোৰ মনত পেলাই কয়, “মোৰ প্ৰাক্তন প্ৰেমিকজন অত্যন্ত হিংস্ৰ আৰু মানসিকভাৱে অস্থিৰ আছিল। জন্মদিনৰ নিশা তেওঁ হঠাতে খঙত অগ্নিশৰ্মা হৈ পোনে পোনে চিগাৰেট এটা উলিয়াই মোৰ ভৰিলৈ দলিয়াই দিয়ে।” কেৱল সেয়াই নহয়, কাণৰ তলতো মাৰে। এই শাৰীৰিক নিৰ্যাতনৰ পিছত সম্পৰ্ক শেষ কৰাৰ সাহসী সিদ্ধান্ত লয়।
ভৰিৰ দাগটো দেখুৱাই নীতিয়ে কয়, “সেই সময়ত মই বহুত সৰু আৰু অনভিজ্ঞ আছিলো, গতিকে সন্মুখৰ মানুহজনৰ প্ৰকৃত ৰূপ চিনিব পৰা নাছিলো।”
মাত্ৰ ১৫ বছৰ বয়সতে অভিনয় জগতত প্ৰৱেশ কৰা ‘কেইছি য়ে য়াৰিয়ান’ৰ খ্যাতি নীতিয়ে বৰ্তমান কুনাল খেমুৱে আয়োজন কৰা ‘এলায়েন্স’ শ্ব’ৰ জৰিয়তে নিজৰ ভাগ্য পৰীক্ষা কৰি আছে। অৱশ্যে তেওঁৰ এটা ৰাজহুৱা মন্তব্যই চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















