অসম লাইভ২৪ঃ এলন মাস্কে দায়িত্ব লোৱাৰ পাছতেই Twitter ত কেইবাটাও পৰিবৰ্তন আহিছে। পৰিবৰ্তনৰ লগে লগেই ব্যৱহাৰকাৰীৰ ওপৰত প্ৰভাৱো পৰিছে। খৰচ বৃদ্ধি পাইছে ব্যৱহাৰকাৰীসকলৰ। টুইটাৰত ব্লু-টিক পাবৰ বাবেও এতিয়া দিব লাগিব ধন। পূৰ্বৰ দৰে নিয়ম মানি এতিয়া ব্লু-টিকৰ আৱেদন কৰাৰ পৰিবৰ্তে এতিয়া ধন দিয়েই ল’ব পাৰিব ব্লু-টিক।
এগৰাকী ভাৰতীয় ব্যৱহাৰকাৰীয়ে ব্লু-টিকৰ বাবে মাহিলী দিব লাগিব ৬৫০ টকাকৈ ধন। Android আৰু আইএপএছ মোবাইল ব্যৱহাৰকাৰীয়ে দিব লাগিব ৯০০ টকা৷ টুইটাৰৰ ব্লু-টিকৰ বাবে ভাৰতৰ লগতে ব্ৰাজিল আৰু ইণ্ডোনেছিয়াৰ বাসিন্দাসকলেও কৰিব পাৰিব আৱেদন৷
টুইটাৰে ভাৰতত প্ৰতি বছৰে ৬৮০০ টকাৰ ৰেহা যুক্ত বাৰ্ষিক আঁচনিও আগবঢ়াইছে৷ অৰ্থাৎ এগৰাকী ব্যৱহাৰকাৰীয়ে ব্লু-টিকৰ বাবে মাহিলী ধন দিয়াতকৈ বছৰেকীয়া প্লেন ললে কিছু লাভলাভ পাবলৈ সক্ষম হ’ব৷ বিশ্বৰ ১৫ খন দেশত এই সুবিধা উপলব্ধ বুলি জনাইছে টুইটাৰৰ মালিক এলন মাস্কে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ