অসম লাইভ২৪ঃ সদায়ে আক্ৰমণ কৰে পত্নীয়ে। কেৱল মানসিক আক্ৰমণে নহয় শাৰীৰিকভাৱেও আক্ৰমণ কৰে। পত্নীৰ আক্ৰমণত অতীষ্ঠ হৈ প্ৰধানমন্ত্ৰী মোদীলৈ এগৰাকী ব্যক্তিয়ে টুইটযোগে প্ৰধানমন্ত্ৰীক সুধিছে, ‘এয়াই আপোনালোকৰ নাৰী শক্তি নেকি? মই মোৰ পত্নীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ দাখিল কৰিব পাৰিম নে?’ পত্নীৰ দ্বাৰা নিৰ্যাতিত হৈ এনেদৰে টুইটযোগে প্ৰধানমন্ত্ৰী মোডী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক প্ৰশ্ন কৰিলে বাংগালুৰুৰ এগৰাকী ব্যক্তিয়ে।
পত্নীয়ে নিয়মিতভাৱে তেওঁক মাৰপিট কৰাৰ অভিযোগ তুলি বাংগালুৰুৰ নিৱাসী যদুনন্দন আচাৰ্য নামৰ ব্যক্তিজনে টুইটযোগে বিচাৰে প্ৰধানমন্ত্ৰী আৰু আইন মন্ত্ৰীৰ সহায়।টুইটটোত ব্যক্তিজনে তেওঁৰ তেজ ওলাই থকা হাতৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, ‘কোনোবাই মোক সহায় কৰিবনে? নে মোৰ সতে এই ঘটনা ঘটাত কোনোবাই মোক সহায় কৰিছিল? নাই, কাৰণ মই পুৰুষ!’
টুইটটোত আগলৈ তেওঁ পুনৰ লিখিছে, ‘মোৰ পত্নীয়ে মোক চুৰীৰে আক্ৰমণ কৰিছে, এয়াই নেকি আপোনালোকে আগবঢ়াই নিয়া নাৰী শক্তি? ইয়াৰ বাবে মই মোৰ পত্নীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ গোচৰ দিব পাৰিমনে? নোৱাৰো!’ এই টুইটটোত তেওঁ প্ৰধানমন্ত্ৰী মোডী, আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে বাংগালুৰুৰ আৰক্ষী আয়ুক্ত প্ৰতাপ ৰেড্ডীক টেগ কৰিছে। এই টুইটৰ পিছতে বাংগালুৰুৰ আৰক্ষী আয়ুক্ত প্ৰতাপ ৰেড্ডীয়ে তেওঁক থানালৈ গৈ আইনী ব্যৱস্থা ল’বলৈ আৰু তেওঁৰ অভিযোগৰ সমাধান কৰিবলৈ আহ্বান জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ