অসম লাইভ ২৪ঃ টুইটাৰে আনভেৰিফাইড কৰিলে ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ টুইটাৰ একাউণ্ট। এতিয়াৰে পৰা উপ ৰাষ্ট্ৰপতিগৰাকীৰ টুইটাৰ হেণ্ডেলত নাথাকিব ব্লু টিক। উল্লেখযোগ্য যে ভেংকায়া নাইডুৰ অফিচিয়েল একাউণ্টত এতিয়াও আছে ব্লু টিক। য’ত আছে ৯.৩ লাখ ফলোৱাৰ। কিন্তু তেওঁৰ পাৰ্ছনেল একাউণ্টটোৰ পৰা আজি পুৱা টুইটাৰ আঁতৰাই দিলে ব্লু টিক। য’ত আছিল ১.৩ লাখ ফলোৱাৰ। অৱশ্যে ইয়াৰ কাৰণ এতিয়ালৈকে জনোৱা নাই টুইটাৰ কৰ্তৃপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















