অসম লাইভ ২৪ঃ প্ৰতিজন ক্ৰীড়াবিদৰ সপোন থাকে অলিম্পিকৰ মছনদ দখল কৰাৰ। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবৰ বাবে কৰে দিনে ৰাতিয়ে সাধনা। তেনে এজন মল্লযোদ্ধা হৈছে সুমিত মালিক। সুমিত মালিকে ভাৰতক প্ৰতিনিধিত্ব কৰি টকিঅ’ অলিম্পিকলৈ যোৱাৰ সুযোগ পাইছিল। ইতিমধ্যে তেওঁ অলিম্পিকলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰিছিল। পিছে ড’প টেষ্টত ব্যৰ্থ হ’ল এইগৰাকী মল্লযোদ্ধা। তেওঁৰ ‘এ’ চেম্পলৰ পাছত ‘বি’ চেম্পলটো নিগেটিভ অহাত অলিম্পিকলৈ যোৱাৰ যোগ্যতা হেৰুৱালে ভাৰতৰ আগশাৰীৰ মল্লযোদ্ধা সুমিত মালিকে। সুমিতক অস্থায়ীভাৱে বহিষ্কাৰ কৰাৰ সম্ভাৱনাও দেখা দিছে। উল্লেখযোগ্য যে ২০১৮ চনত কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰা সুমিতৰ পৰা ভাৰতবাসীয়ে যথেষ্ট আশা কৰিছিল। এই খবৰে এতিয়া আশাহত কৰিছে ক্ৰীড়াপ্ৰেমীৰ লগতে সমগ্ৰ ভাৰতবাসীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ