অসম লাইভ ২৪ঃ অভিনয়ৰ চমকেৰে সকলোৰে হৃদয়ত স্থান পাবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেত্ৰী তথা সাংসদ নুসৰত জাহান মাতৃ হ’বলৈ ওলাইছে। কিন্তু এই কথা হেনো গ’মেই নাপাই স্বামী তথা ব্যৱসায়ী নিখিল জৈন। কাৰণ ছমাহ ধৰি নিখিল আৰু পত্নী নুসৰতৰ নাই কোনো ধৰণৰ সম্পর্ক। নিখিলৰ মতে ‘এই অপ্ৰিয় সত্যটো বাৰে বাৰে ক’বলৈ পাই মই লজ্জিত। এই খবৰ মই গ’মেই নাপাও যে নুসৰত মাতৃ হ’বলৈ ওলাইছে। মোৰ সৈতে নুসৰতৰ কোনো যোগাযোগ নাই। বহুদিন ধৰি আমি দুয়ো পৃথকে আছো। প্ৰায় ছমাহ হৈ গ’ল।’ এতিয়া প্ৰশ্ন উঠিছে, যদি স্বামী নিখিল নুসৰতৰ সন্তানৰ পিতৃ নহয়েই তেন্তে নুসৰতৰ সন্তানৰ পিতৃ কোন? বাংলা সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়ালৈকে সকলোতে এতিয়া কেৱল এই প্ৰশ্নৰ উত্তৰ দিছে ব্যৱহাৰকাৰীসকলে। উত্তৰটো হ’ল, ‘নুসৰতৰ সন্তানৰ পিতৃ বাংলা অভিনেতা যশ দাসগুপ্ত। নুসৰত এতিয়া যশৰে প্ৰেমিকা। ইয়াত লুকুৱাবলগীয়া একোৱেই নাই।’ -নিখিলৰ মন্তব্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ