১১ মিনিটৰ ব্যৱধানত অহা ২টা ভূমিকম্পত কঁপি উঠিল অসম তথা উত্তৰ পূৱ, এফালে ধাৰাসাৰ বৰষুণ, আনফালে খহিল পাহাৰ
পুনৰ ভূমিকম্পত কঁপি উঠিল উত্তৰ পূৱ। আজি ১৮ মাৰ্চ তাৰিখে বিয়লি ১.০৭ বজাত আহে প্ৰথমটো ভূমিকম্প, তাৰ পাছতে ১ বাজি ১৮ মিনিটত আহে দ্বিতীয়টো ভূমিকম্প। ৰিখটাৰ স্কেল অনুসৰি এই ভূমিকম্পদুটাৰ প্ৰাবল্য ক্ৰমে ৩.৮ আৰু ৪.৮ প্ৰাবল্যৰ।
ভূমিকম্পদুটাৰ অভিকেন্দ্ৰ মণিপুৰ আৰু মণিপুৰ সীমান্তৰ ম্যানমাৰত। ১১ মিনিটৰ ব্যৱধানত অহা দুয়োটা ভূমিকম্পতে কঁপি উঠে অসম। প্ৰথমে মণিপুৰত অহা ভূমিকম্পটো সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতা আৰু দ্বিতীয়টো ম্যানমাৰৰ ভূমিকম্পটোৰ কম্পনৰ অভিকেন্দ্ৰ সমতলৰ পৰা ১১০ কিলোমিটাৰ গভীৰতা।
দুটাকৈ ভূমিকম্পত এতিয়া পুনৰ শংকাত জনসাধাৰণ। কাৰণ এফালে ভূমিকম্প, এফালে ধাৰাসাৰ বৰষুণ। তাতে আৰু অসম-মেঘালয় সীমান্তত ভূতৰ ওপৰত দানৱ পৰা দি ভূমিস্খলন।
অসমৰ শিলচৰ বৰাক সংযোগী পথৰ মেঘালয়ৰ সোনাপুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। সোনাপুৰ টাৰ্নেলৰ সম্মুখত সংঘটিত হৈছে ভয়ংকৰ এই ভূমিস্খলনৰ ঘটনা। নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা শিল আৰু মাটিৰ এক বৃহৎ অংশ খহি আহি পৰে ৰাজপথত। ফলত পথচোৱাত বন্ধ হৈ পৰে যাতায়াত। পথৰ দুয়ো পাৰে আবদ্ধ হৈ পৰে শ শ বাহন । পথ মুকলিৰ বাবে যুদ্ধকালীন তৎপৰতাত কাম কৰিছে মেঘালয় প্ৰশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ