২৫ ছেকেণ্ডৰ ভিতৰতে দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যৰ লগতে উত্তৰ-পূৱ
এটা নহয় দুটাকৈ ভূমিকম্পই জোকাৰি যায় অসমৰ লগতে উত্তৰ পূৱ। মাথো ২৫ ছেকেণ্ডৰ ব্যৱধানত অহা দুটাকৈ ভূমিকম্পৰ অনুভুত হয়।
প্ৰথমটো ভূমিকম্প আছে অৰুণাচল প্ৰদেশত। ৰাজ্যখনৰ পূৱ কামেং জিলাত আহে প্ৰথমটো ভূমিকম্প। ইয়াৰ ৰিখটাৰ স্কেল ৩.২ প্ৰাবল্য।
দ্বিতীয়টো ভূমিকম্প আহে মেঘালয়ত। ৰাজ্যখনৰ পশ্চিম গাৰো পাহাৰত অনুভুত হয় ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৩.৬।
যদিও ৰিখটাৰ স্কেলত দুয়োটা ভুমিকম্পৰ প্ৰাবল্য কম, কিন্তু দুয়োটাৰে কম্পন অনুভুত হয় অসমলৈকে। কাৰণ দুয়োটাই অসমৰ সীমান্তত হৈছে।
অৱশ্যে বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ