এইবাৰ সৰস্বতী পূজা কোনোৱে কৰিছে ২ ফেব্ৰুৱাৰী দেওবাৰে৷ কিছু কিছু লোকে আকৌ আজিৰ দিনটোত অৰ্থাৎ ৩ ফেব্ৰুৱাৰীত পালন কৰিছে সৰস্বতী পূজা৷ দেওবাৰে বিয়লী ১২ বাজি ৩৪ মিনিটত পঞ্চমী পৰিছে৷ পঞ্চমী শেষ হৈছে সোমবাৰে পুৱা ৯বাজি ৫৯মিনিটত৷ জ্ঞান, বুদ্ধি, বিদ্যা আৰু শিল্পকলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ কৃপাত জাতকে শিক্ষা আৰু শিল্পত বিশেষ উন্নতি কৰিব পাৰে৷ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা আৰু শিল্পৰ সৈতে যুক্ত ব্যক্তিয়ে সৰস্বতীৰ কৃপা লাভ কৰাৰ চেষ্টা কৰে৷ সৰস্বতী পুজাৰ ক্ষণতেই জানি থওক কোন কোন ৰাশিৰ জাতক সৰস্বতীৰ প্ৰিয়?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ ওপৰত বিশেষ কৃপা থাকে দেৱী সৰস্বতীৰ৷ বাগদেবীৰ আশীৰ্বাদৰ সৈতে নিজৰ পৰিশ্ৰম আৰু ইচ্ছাশক্তিৰ জোৰত জ্ঞান বুদ্ধিত অন্যসকলক হৰুৱাই সহজেই আগুৱাই যায় মেষ ৰাশিৰ জাতক৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ নিজৰ খং আৰু কথাত নিয়ন্ত্ৰণ ৰাখিলে জীৱনত বহু উন্নতি কৰিব পাৰে এই ৰাশিৰ জাতকে৷
বৃষ ৰাশি
বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ লক্ষ্মীৰ ওপৰিও এই ৰাশিৰ জাতক মা সৰস্বতীৰো প্ৰিয় হয়৷ এওঁলোক অত্যন্ত পৰিশ্ৰমী আৰু এবাৰ যি কৰিব বুলি ঠিক কৰে সেয়া কৰিবই পাৰে৷ সৰস্বতীৰ কৃপাত এওঁলোকে শিক্ষা আৰু বুদ্ধি অন্যতকৈ বেছি হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ