সংসাৰত ধনৰ অভাৱ ঘটিছিল৷ কন্যাৰ পঢ়াশুনা, বিয়াৰ খৰচ জোগাৰৰ বাবে স্বামীক কিডনি বিক্ৰি কৰিবলৈ কৈছিল পত্নীয়ে৷ পৰিস্থিতি বিবেচনা কৰি স্বামীয়েও পত্নীৰ কথা শুনিছিল৷ কিন্তু কিডনি বিক্ৰি হওঁতেই হাচচ অহা লক্ষাধিক টকা লৈ প্ৰেমিকৰ সৈতে পলাল পত্নী৷ পত্নীৰ বিৰুদ্ধে এই অভিযোগ তুলি কলকাতা হাইকৰ্টৰ দ্বাৰস্থ হৈছে যুৱক৷
আদালতৰ সূত্ৰৰ খবৰ অনুসৰি পত্নী নিখোঁজ হোৱাৰ পাছত প্ৰথমে থানালৈ গৈছিল পিন্টু বেজ নামৰ ব্যক্তিজন৷ তাৰপাছতেই হাইকৰ্টত গোচৰ তৰে ব্যক্তিজনে৷ ৩৯ বছৰীয়া পিণ্টুৱে জনাইছে যে, কন্যাৰ পঢ়াশুনা আৰু বিবাহৰ বাবে ধনৰ ব্যৱস্থা কৰিবলৈ আৰু এতিয়াৰে পৰাই সোণৰ গহনা বনাই ৰাখিব খুজিছিল পত্নী সুপৰ্ণা বেজে৷ ইয়াৰ বাবে স্বামীক কিডনি বিক্ৰি কৰিবলৈ কৈছিল৷ পত্নীৰ কথা শুনি কিডনি বিক্ৰি কৰিছিল পিণ্টুৱে৷ পাছত সেই কিডনি বিক্ৰিৰ ১০লাখ টকা আৰু সোণৰ গহনা লৈ সুপৰ্ণাই প্ৰেমিকৰ সৈতে পলায় যায়৷
সংবাদ সংস্থা পিটিআইক পিণ্টুৱে কয়, ‘হঠাৎ এদিন মোৰ পত্নী নিখোঁজ হয়৷ সেই যে নিখোঁজ হ’ল আৰু উভতি অহা নাই৷ পাছত মই ঘৰত চাওঁ যে ঘৰৰ পৰা ১০ লাখ টকাও নোহোৱা হৈছে৷’ এই ঘটনাৰ পাছতেই আৰক্ষীৰ কাষ চাপিছিল স্বামী পিণ্টু৷ আৰক্ষীৰ ওচৰত গৈ পিণ্টুৱে জানিব পাৰে যে পত্নীয়ে তেওঁতকৈ পূৰ্বেই আৰক্ষীৰ ওচৰত লিখিতভাৱে জনাই গৈছে যে তেওঁ নিজ ইচ্ছাই স্বামীৰ ঘৰ এৰিছে৷ এয়া কিডনেপ বা হেৰুওৱা কেচ নহয় তেওঁ প্ৰেমিকৰ সৈতে নতুন সংসাৰ আৰম্ভ কৰিছে৷
শেহতীয়াকৈ উপায়হীন স্বামী পিণ্টুৱে হাইকৰ্টৰ কাষ চাপিছে৷ কলকাতা হাইকৰ্টৰ ন্যায়াধীশ অৰিজিৎ বেনাৰ্জী আৰু অপূৰ্ব সিংহ ৰায়ৰ ডিভিজন বেঞ্চে ২৭ জানুৱাৰী সোমবাৰে এই গোচৰ খাৰিজ কৰে৷ আদালতৰ বক্তব্য, যিহেতু মহিলাৰ খবৰ পোৱা গৈছে৷ তেওঁ স্বেচ্ছাই স্বামীক ত্যাগ কৰিছে গতিকে এইক্ষেত্ৰত হেবিয়াছ কৰ্পাছৰ আবেদন কাৰ্যকৰী নহয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ