• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

4 weeks ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

4 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

5 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

5 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

6 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

6 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

7 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

7 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

8 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

8 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

10 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

11 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

ইৰান-আমেৰিকাৰ শান্তিচুক্তি স্বাক্ষৰ হোৱাৰ দিশে।

editor by editor
June 15, 2026
in বিবিধ, বিশ্ব, লেখা
0
আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন
0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ চাৰি সপ্তাহত যুদ্ধ সমাপ্ত কৰাৰ হুংকাৰ দিয়া ডনাল্ড ট্ৰাম্পৰ উচ্চাকাংক্ষাত অৱশেষত যতি পেলাই স্বাক্ষৰ হোৱাৰ দিশে ইৰান-আমেৰিকাৰ শান্তিচুক্তি। ট্ৰাম্পৰ ঘোষণাৰ বিপৰীতে দেওবাৰে মাজনিশা আনুষ্ঠানিক ঘোষণা কৰা হয় শান্তিচুক্তিৰ প্ৰসংগ। ডনাল্ড ট্ৰাম্পে নিজৰ ৮০ বছৰীয়া জন্মদিনটোক শান্তি চুক্তিৰ বাবে নিৰ্বাচন কৰিছিল যদিও কাৰ্যত সেয়া হ’বলৈ নিদিলে ইৰানে। অৱশেষত জেনেভাত ১৯ জুনত চুক্তি স্বাক্ষৰ কৰাৰ কথা সামাজিক মাধ্যমত ঘোষণা কৰাৰ পাছতেই পশ্চিম এছিয়াৰ পৰিস্থিতি কিছু শাম কটাৰ দিশে আগবাঢ়িছে। শান্তিচুক্তি স্বাক্ষৰৰ বাবে ইৰানে ৬০ দিনৰ সময়সীমাৰ ভিতৰত নিৰীক্ষণ কৰিব প্ৰতিটো স্বৰ্ত। শান্তিচুক্তিৰ বাবে খচৰা প্ৰস্তুত কৰি এই কথা প্ৰকাশ কৰিছে তেহৰানে।

২৮ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ১০৮ দিনীয়া যুদ্ধৰ অৱসান৷ চাৰিসপ্তাহৰ ভিতৰত সমাপ্তিৰ হুংকাৰ দিলেও প্ৰায় তিনিমাহ ধৰি অব্যাহত থাকিল যুদ্ধৰ ৰক্তাক্ত পৰিৱেশ৷ প্ৰথম অৱস্থাত ইৰানৰ শক্তিৰ উমানেই পোৱা নাছিল বিশ্বৰ ভিতৰতে সামৰিকভাৱে শক্তিশালী বুলি দাবী কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে৷ মিছাইল-ড্ৰোণ-এয়াৰষ্ট্ৰাইকৰ সমান্তৰালে চলিছিল শান্তি ঘুৰাই অনাৰ প্ৰচেষ্টাও৷ ইৰান-আমেৰিকাৰ যুদ্ধত হৰমুজ প্ৰণালী বন্ধ হৈ পৰাৰ কুফল ভোগ কৰিছে ভাৰতকে ধৰি বিশ্বৰ প্ৰায়সমূহ দেশে। অৱশেষত শান্তিচুক্তি স্বাক্ষৰৰ ঘোষণাত শান্তি ঘুৰি অহাৰ উপক্ৰম ঘটিছে পশ্চিম এছিয়াত।

২৮ ফেব্ৰুৱাৰীত ইজৰাইলৰ সৈতে যুটীয়াভাৱে আমেৰিকাই আৰম্ভ কৰিছিল অপাৰেচন EPIC FURY. যুদ্ধৰ প্ৰথম ১২ ঘন্টাত চলোৱা ৯০০ৰো অধিক আক্ৰমণত নিহত হৈছিল ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলি খামেইনি। ইৰানে পাৰমানৱিক অস্ত্ৰ প্ৰস্তুতৰ অভিযোগ তুলি আমেৰিকাই আৰম্ভ কৰা অভিযানৰ প্ৰকৃত উদ্দেশ্য আছিল শক্তিশালী ইউৰেনিয়াম হস্তগত কৰা। প্ৰত্যুত্তৰত ইৰানেও পশ্চিম এছিয়াৰ কেইবাটাও মাৰ্কিন ঘাটিৰ লগতে ইজৰাইলৰ ওপৰত চলাইছিল শক্তিশালী আক্ৰমণ। ইৰানৰ দক্ষিণ প্ৰান্তৰ মিনাব চহৰত আমেৰিকাই চলোৱা আক্ৰমণত নিহত হৈছিল ১৬৮ কন কণ শিক্ষাৰ্থীকে ধৰি ১৪ গৰাকী শিক্ষকো।

তেহৰানৰ প্ৰত্যুত্তৰত মাৰ্কিন সেনাৰ ৬ জোৱান নিহত হোৱাৰ তথ্য আনুষ্ঠানিকভাৱে ২ মাৰ্চত প্ৰকাশ কৰিছিল পেন্টাগণে৷ কুৱেইট, ওমান, ছৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰশ্বাহীত একেসময়তে ড্ৰ’ণ আৰু মিছাইলৰ ধাৰাসাৰ বৃষ্টিপাত আৰম্ভ কৰিছিল ইৰানী সেনাই। ইৰানৰ সমৰ্থিত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাক লক্ষ্য কৰি লৈছিল ইজৰাইলে। ২ মাৰ্চত ইজৰাইলে হিজবুল্লাৰ কেইবাটাও ঘাটিত আৰম্ভ কৰে আক্ৰমণ। প্ৰত্যুত্তৰত তেল আভিভত হৈছিল প্ৰাণনাশী আক্ৰমণ যাক প্ৰতিহত কৰাত ব্যৰ্থ হৈছিল ইৰান আৰু আমেৰিকাৰ থাড, পেট্ৰিয়ত, আইৰণ ডোমৰ দৰে শক্তিশালী এয়াৰ ডিফেন্স প্ৰণালী।

যুদ্ধৰ প্ৰথমদিনাই আমেৰিকাই ইৰানৰ সৰ্বোচ্চ নেতা খামেইনিক নিধন কৰাৰ পাছত ৮ মাৰ্চত ইৰানে ঘোষণা কৰিছিল পৰৱৰ্তী সৰ্বোচ্চ ধৰ্মীয় নেতাৰ নাম। তেহৰানে কৰা ঘোষণা অনুসৰি, খামেইনিৰ উত্তৰসুৰী নিৰ্বাচন কৰা হৈছিল পুত্ৰ মোজতাবা খামেনেইক। মোজতাবা খামেইনিক কোনোপ্ৰকাৰেই পচণ্ড কৰা নাছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।

১০ মাৰ্চত ইজৰাইলৰ হাইফা চহৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল তেহৰানে৷ পৰৱৰ্তী সময়ত এই আক্ৰমণ অধিক হাৰে বৃদ্ধি হোৱাৰ লগে লগে ১১-১২ মাৰ্চৰ ভিতৰত হৰমুজ প্ৰণালীত বৃদ্ধি পাইছিল হেঁচা। ১১ মাৰ্চত ইৰানে আনুষ্ঠানিকভাৱে হৰমুজ প্ৰণালী বন্ধ ঘোষণা কৰাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতি। বিশ্বৰ এক-তৃতীয়াংশ অপৰিশোধিত তেলৰ বাণিজ্য সম্পন্ন হোৱাৰ একমাত্ৰ যাত্ৰাপথ হৰমুজ প্ৰণালী বন্ধ হোৱাৰ পাছতে আন্তৰ্জাতিকভাৱে বৃদ্ধি পায় তেলৰ মূল্য৷ অৱশ্যে ভাৰতসহ কিছু বন্ধু ৰাষ্ট্ৰৰ বাবে ইৰানে খোলা ৰাখিছিল হৰমুজ প্ৰণালী।

ইৰানৰ অন্যতম খাৰ্গ দ্বীপত ১৩ মাৰ্চত আক্ৰমণ সংঘটিত কৰে আমেৰিকাই। ইৰানৰ ৯০ শতাংশ তেলৰ ভাণ্ডাৰ খাৰ্গ দ্বীপৰ পৰাই ৰপ্তানি কৰা হয়। ১৮ মাৰ্চত ইজৰাইলৰ আক্ৰমণত নিহত হয় ইৰানৰ জাতীয় নিৰাপত্তা পৰিষদৰ প্ৰধান আলি লাৰিজানি আৰু IRGCৰ প্ৰধান গোলামৰেজা চুলেইমানি। ইয়াৰ পাছতেই গোটেই উপসাগৰীয় অঞ্চলটোত তীব্ৰতৰ হৈ পৰে সংঘৰ্ষ। ইৰানৰ দক্ষিণ পাৰ্চ গেছভাণ্ডাৰত ইজৰাইলৰ আক্ৰমণ, প্ৰত্যুত্তৰত কাটাৰৰ ৰাছ লাফানত প্ৰত্যাক্ৰমণ ইৰানৰ৷ ফলত বিশ্বব্যাপী দেখা দিয়ে ৰন্ধন গেছৰ কৃত্ৰিম নাটনিয়ে৷ ৰাছ লাফান হৈছে বিশ্বৰ ভিতৰতে অন্যতম এলপিজি গেছৰ এক অন্যতম ৰপ্তানি কেন্দ্ৰ।

২৩ মাৰ্চত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰথমবাৰলৈ উল্লেখ কৰে শান্তি স্থাপনৰ কথা৷ যুদ্ধ আৰম্ভ হোৱাৰ পাছত এইদৰে প্ৰথমবাৰলৈ ট্ৰাম্পে উল্লেখ কৰিছিল শান্তিৰ প্ৰসংগ। ৩ এপ্ৰিলত ইৰানে ধ্বংসপ্ৰাপ্ত কৰে মাৰ্কিন বায়ুসেনাৰ F-15 যুদ্ধবিমান। ইৰান আমেৰিকাৰ যুদ্ধত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল মাৰ্কিন বায়ুসেনা৷ এই যুদ্ধত হোৱা সামৰিক আন্তঃগাঁথনি লোকচানৰ যথেষ্ট৷ প্ৰতিদিনেই ইৰানৰ বিৰুদ্ধে যুদ্ধত আমেৰিকাৰ খৰচ হৈছিল ৮৯০ মিলিয়ন ডলাৰ। সামৰিক আন্তঃগাঁথনিৰ ভিতৰত আছিল পশ্চিম এছিয়াৰ পাঁচখন দেশৰ ৭টা মাৰ্কিন ঘাটিত থকা ১০টাৰো অধিক AN TPY ৰাডাৰ প্ৰণালী যাৰ এটাৰ মূল্য হৈছে ৫০০ৰ পৰা এক বিলিয়ন ডলাৰ৷ অপাৰেচন EPIC FURYত ক্ষতিগ্ৰস্ত হৈছিল আমেৰিকাৰ ৪২ খন F-35, F-15, A-10 থাণ্ডাৰবল্ট, ষ্ট্ৰাইক ঈগল, MQ 9 ড্ৰণ। যুদ্ধত আমেৰিকাৰ অতিকে উন্নত এখন E-3 চেন্ট্ৰি AWACS, KC-135 ষ্ট্ৰেট’টেংকাৰো ধ্বংস কৰিছিল ইৰানে৷ ইৰানৰ ড্ৰ’ণ আক্ৰমণত প্ৰথমবাৰলৈ ক্ষতিগ্ৰস্ত হৈছিল আমেৰিকাৰ বিমান পৰিবাহী যুদ্ধজাহাজ USS গেৰাল্ড আৰ ফৰ্ড।

৭-৮ এপ্ৰিলত ইৰানৰ সৈতে দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে। মাৰ্কিন ৰাষ্ট্ৰপতি ঘোষণাৰ পৰৱৰ্তী দিনাই ইজৰাইলী বাহিনীয়ে লেবাননৰ ১০০ৰো অধিক স্থানত সংঘটিত কৰিছিল আক্ৰমণ। যুদ্ধবিৰতিৰ প্ৰসংগত ট্ৰাম্পে উল্লেখ কৰা নাছিল ইজৰাইলৰ নাম৷ ১১-১২ এপ্ৰিলত ৰহস্যজনকভাৱে যুদ্ধবিৰতিৰ মধ্যস্থতাৰ বাবে আগবাঢ়ি আহে ইছলামাবাদ। ১১ এপ্ৰিলত মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ নেতৃত্বত এটা দল উপস্থিত হৈছিল ইছলামাবাদত। ইৰানৰ সদনৰ অধ্যক্ষৰ নেতৃত্বত তেহৰানৰ প্ৰতিনিধি দলো উপস্থিত হৈছিল পাকিস্তানত। ২০ ঘন্টাধৰি হোৱা আলোচনাৰ পাছতো ওলোৱা নাছিল কোনো সুদুত্তৰ। আমেৰিকাৰ মধ্যস্থতাত ১৬ এপ্ৰিলত ইজৰাইল-লেবাননৰ ১০ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰা হয়। ১৪ এপ্ৰিলত ৱাশ্বিংটনত আলোচনাত মিলিত হৈছিল ইজৰাইল আৰু লেবানন। চৰকাৰৰ বিপৰীত স্থিতি হিজবুল্লাই অৱস্থান কৰাৰ পৰিস্থিতি আৰু অধিক অৱনমিত হৈছিল।

২১ এপ্ৰিলত শান্তি আলোচনাৰ বাবে পুনৰ ম্যাদ বৃদ্ধিৰ ঘোষণা কৰে ডনাল্ড ট্ৰাম্পে৷ ১ মে’ত মাৰ্কিন কংগ্ৰেছলৈ ৰাষ্ট্ৰপতি ট্ৰাম্পে পত্ৰ প্ৰেৰণ কৰি ৭ এপ্ৰিললৈ দুয়োপক্ষৰ মাজত কোনো সংঘৰ্ষ হোৱা নাই বুলি জনাইছিল৷ ১৯৭৩ৰ যুদ্ধ ক্ষমতা আইন অনুসৰি, মাৰ্কিন কংগ্ৰেছৰ অনুমতি অবিহনে মাত্ৰ ৬০ দিন ৰাষ্ট্ৰপতিয়ে যুদ্ধ চলাই নিব পাৰে৷ সেনা প্ৰত্যাহাৰৰ বাবে অতিৰিক্ত ৩০ দিন সময় আৰু ল’ব পাৰে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে।

১৮-২৩ মে’ত পাৰমানৱিক নিস্ক্ৰীয়কৰণ চুক্তিৰ ওপৰত আলোচনাৰ বাবে ইৰানক আৰু সময় দিয়াৰ বাবে সন্মতি প্ৰকাশ কৰে ডনাল্ড ট্ৰাম্পে। পশ্চিম এছিয়াৰ কেইবাখনো ৰাষ্ট্ৰৰ সৈতে যুদ্ধবিৰতিৰ প্ৰসংগত আলোচনাৰ কথা উল্লেখ কৰিলেও চুক্তিত কি স্বৰ্ত থাকিব সেয়া প্ৰকাশ কৰা নাছিল ট্ৰাম্পে। ২৬ মে’ত পুনৰ সূচনা হয় আক্ৰমণ-প্ৰত্যাক্ৰমণ। ইৰানৰ সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলায় মাৰ্কিন বাহিনীয়ে৷ ইয়াৰ প্ৰত্যাক্ৰমণত হৰমুজ প্ৰণালীত ধ্বংসপ্ৰাপ্ত হয় আমেৰিকান বায়ুসেনাৰ আপাচে হেলিকপ্টাৰ।

১২ জুনত যুদ্ধবিৰতি চুক্তিক লৈ ইতিবাচক ইংগিত প্ৰদান কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইৰানৰ বিদেশ মন্ত্ৰী আৰঘাচিয়েও যুদ্ধবিৰতিক লৈ সহমত প্ৰকাশৰ ইংগিত প্ৰদান কৰে৷ অৱশ্যে পাকিস্তানৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ প্ৰসংগ উল্লেখ কৰাৰ পাছতে ইৰানৰ কেইবাটাও প্ৰান্তত বিদেশ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দেশখনৰ নাগৰিকে৷ আৰু ১৪ জুনত নিজৰ ৮০ সংখ্যক জন্মদিনটোতে ইৰানৰ সৈতে শান্তিচুক্তিৰ প্ৰসংগ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে ট্ৰাম্পে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ উচ্চাকাংক্ষাক একপ্ৰকাৰে বিধ্বস্ত কৰি ১৫ জুনত শান্তিচুক্তিত সহমত জনায় ইৰানে। ১৯ জুনত জেনেভাত চুক্তিত স্বাক্ষৰ কৰিব ৱাশ্বিংটন আৰু তেহৰানে।

(এই সংবাদ যুগুতাইছে সীমান্ত কলিতাই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক
জীৱনশৈলী

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

July 11, 2026
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
Next Post
PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.