অসম লাইভ ২৪ঃ ফুড ডেলিভাৰী কোম্পানী Uber Eatsৰ অবিশ্বাস্য পদক্ষেপ৷ মহাকাশতো মহাকাশচাৰীৰ বাবে ফুড ডেলিভাৰীৰ ব্যৱস্থা৷ Uber Eatsয়ে প্ৰসাৰিত কৰিছে নিজৰ ব্যসাৰ্ধ৷
ইণ্টাৰনেচনেল স্পেচ ষ্টেচনত খাদ্য ডেলিভাৰীৰ প্ৰথমটো ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছে Uber Eatsয়ে৷ Uber Eats এক ডেলিভাৰী এপ, যিয়ে প্ৰথমবাৰৰ বাবে পৃথিৱীৰ পৰা মহাকাশলৈ খাদ্যৰ ডেলিভাৰী কৰিবলৈ সক্ষম হৈছে৷
আৰু প্ৰথমটো ডেলিভাৰীৰ ব্যৱস্থা সফলভাৱে সম্পন্ন কৰিবলৈ সক্ষম হৈছে এজন জাপানীজ উদ্যোগপতিয়ে৷ উদ্যোগপতি য়ুচাকু মাজাৱাই মহাকাশচাৰীৰ বাবে খাদ্যৰ যোগান ধৰিছে মহাকাশত৷
তথ্যমতে, কাজাকাস্তানৰ Baikonur Cosmodrome বুধবাৰে মহাকাশ অভিমুখে যাত্ৰা কৰে য়ুচাকু মাজাৱাই আৰু ৯ ঘণ্টাৰ যাত্ৰাৰ পাছত অৱতৰণ কৰে স্পেচ ষ্টেচনত৷ তেওঁ আৰু ১২ দিন মহাকাশত থকাৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ