অসম লাইভ ২৪ঃ ভাৰতত অমিক্ৰণৰ দ্ৰুত সংক্ৰমণ৷ শতকৰ ঘৰ অতিক্ৰম কৰিলে অমিক্ৰণ আক্ৰান্তৰ সংখ্যাই৷ বৰ্তমানলৈকে ভাৰতৰ বিভিন্ন প্ৰান্তত চিনাক্ত হৈছে অমিক্ৰণ সংক্ৰমিত ১০১ জন ব্যক্তি৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশৰ ১১ খন ৰাজ্য আৰু স্বায়িত্ব শাসিত অঞ্চলত সংক্ৰমিত হৈচে অমিক্ৰণ ভেৰিয়েণ্ট৷
ইয়াৰে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা হৈছে মহাৰাষ্ট্ৰত৷ ৰাজ্যত সম্প্ৰতি আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩২ জন লোক৷ দিল্লী, ৰাজস্থান, কৰ্ণাটক আৰু তেলেংগনাত ক্ৰমে ২২, ১৭ আৰু ৮টাকৈ সংক্ৰমণৰ ঘটনা চিনাক্ত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ