অসম লাইভ ২৪ঃ এইসময়ৰ এটা অতি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ। কভিড আৰু অমিক্ৰনক লৈ মহা চিন্তাত পৰিছে ভাৰত চৰকাৰ। কিয়নো দ্ৰুত হাৰত ভাৰতত বৃদ্ধি হৈছে ক’ৰণাৰ লগতে অমিক্ৰনত আক্ৰন্ত লোকৰ সংখ্যা। আজিৰ দিনটোত ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত কিছু সময় পূৰ্বে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক।
এই বৈঠক অনুসৰি যদি ভাৰতে এতিয়াই সাৱধানতা অৱলম্বন নকৰে তেন্তে এটা দিনত ১৪ লাখ লোক কৰোনাত আক্ৰান্ত হোৱাৰ সাৱধান বাণী শুনাইছে। লগতে তিনিটা বিশেষ নিয়ম ICMRৰ অধক্ষ্যই দেশবাসীক পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
- প্ৰথম নিয়ম, অদৰকাৰীভাৱে কোনো ভ্ৰমণ নকৰিব৷
- দ্বিতীয় নিয়ম, জন সমাগম স্থানত উপস্থিত নাথাকিব৷
- তৃতীয় নিয়ম, নৱবৰ্ষ উদযাপন সাৱধানে কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ