অসম লাইভ ২৪ঃ জীৱনৰ যে কত ৰং! জীৱনৰ যে কত খেল! জীয়াই আছো আমি কিন্তু জীৱনৰ আমি কোনোদিন মূল্য বুজা নাই। জীয়াই আছো আমি কিন্তু জীৱনক আমি কোনোদিন মূল্য দিয়া নাই। ঠিকেই, জীৱন কচুপাতৰ পানী। এই আছে এই নাই। মই আছো সি নাই। কিন্তু জীৱনৰ ৰং যেতিয়া লাহে লাহে শেতা পৰিবলৈ আৰম্ভ কৰে তেতিয়া আমি জীৱন জীয়াৰ বাসনাত হাতৰ মুঠিত ধৰি ৰখা উঁইচিৰিঙাৰ দৰে চটফটাবলৈ আৰম্ভ কৰো।
আমি নাজানো আমাৰ অজ্ঞাতে আমাৰ আয়ুসে আমাৰ মৰণ কেতিয়া , ক’ত আৰু কেনেকৈ লিখি থৈছে। যেনেকৈ এই ছবিসমূহত দেখা কণমানিজনীয়েও নাজানে তাই জীৱনৰ পানী পিছল কচুপাতত কিমান দিনৰ আয়ুসৰেখা লিখি থোৱা আছে। মধ্য প্ৰদেশৰ ভূপালত জন্ম গ্ৰহণ কৰা এই দুৰ্ভগীয়া কণমানিজনীৰ নাম Gunjan Shakya৷ বয়স তাইৰ মাত্ৰ ৮ বছৰ। ৮ বছৰীয়া গুঞ্জনৰ অন্য যিকোনো সাধাৰণ কণমানিৰ দৰে সাধাৰণ এটা সপোন আছিল। তাই সপোন আছিল এগৰাকী ডাক্তৰ হোৱাৰ। কিন্তু জীৱন আৰু সময় গুঞ্জনৰ ক্ষেত্ৰত যেন আনতকৈ অলপ বেছিয়েই কঠোৰ আছিল। হয়টো জীৱন আৰু সময়ৰ এইয়া এক অবোধ খেল যে গুঞ্জনক আৰু বেছিদিন জীয়াই থাকিবলৈ নিদিয়ে।
সেয়েহে গুঞ্জনৰ দেহত মৃত্যুৱে ঠিতাপি ল’লেহি Genetic Disorder, Progeria নামৰ এক মাৰাত্মক জটিল বেমাৰৰ নাম লৈ। কিন্তু ডাক্তৰ হ’ব বিচৰা গুঞ্জনে মৃত্যুৰ পূৰ্বে এদিনৰ বাবে এবাৰ ডাক্তৰ হৈ চোৱাৰ অনুভৱৰ কথা ১২ ডিচেম্বৰত ব্যক্ত কৰি অনুৰোধ কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানক। এই ক্ষেত্ৰত গুঞ্জনক সহায় কৰি স্থানীয় একাংশ স্বেচ্চাসেৱী সংগঠনে কথা পাতিছিল ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সৈতে। শেষত তাৰে ‘সাহাক’ (chahak hospital) নামৰ এখন ব্যক্তিগত চিকিৎসালয়ে গুঞ্জনক মৃত্যুৰ পূৰ্বে এদিনৰ বাবে ডাক্তৰ হোৱাৰ অনুমতি প্ৰদান কৰে।
আৰু এদিনৰ বাবে ডাক্তৰ হোৱা গুঞ্জন চাকিয়াক ডাক্তৰ হিচাপে চিকিৎসালয় কৰ্তৃপক্ষই সম্ভাষণ জনোৱাৰ লগতে চিকিৎসালয়খনৰ বিভিন্ন ৰোগীক গুঞ্জনে ডাক্তৰ হিচাপে পৰীক্ষা কৰাত সহায় কৰে সহ-চিকিৎসক নাৰ্চসকলে। ইফালে কণমানি গুঞ্জনেও এদিনৰ ডাক্তৰ হৈ চিকিৎসালয়খনৰ প্ৰায়বোৰ ৰোগীক বিছনাৰ কাষে কাষে গৈ স্বাস্থ্যও পৰীক্ষা কৰে। কিন্তু কনমানি গুঞ্জনে এদিনৰ বাবে ডাক্তৰ হোৱা এই বিশেষ দিনটোৱে সমাজৰ লগতে চিকিৎসালয়খনৰ প্ৰতিগৰাকী লোককে পুনৰ এবাৰ সোঁৱৰাই দিলে যে মৃত্যুৰ ওচৰত সঁচাকৈ আমি কিমান অসহায়, আমি কিমান বিকল্পহীন ! সেয়েহে সঁচাকৈ জীৱন কচুপাতৰ পানী, এই আছে এই নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ