অসম লাইভ ২৪ঃ অৱশেষত সু-খবৰ। আলফা(স্বাঃ)ৰ জিম্মাত থকা ongcৰ অভিযন্তা ৰিতুল শইকীয়াক অচিৰেই মুক্তি দিব সংগঠনটোৱে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰিতুল শইকীয়াৰ মুক্তি দিয়াৰ বাবে সংবাদমেলযোগে আহ্বান জনোৱাৰ প্ৰায় লগে লগে তেওঁক মুক্তি দিব বুলি সংবাদ মাধ্যমক অৱগত কৰে আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। ৰিতুল শইকীয়াৰ সন্তানটোক দেখিলে পৰেশ বৰুৱাৰো চকুপানী ওলাব বুলি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰিছিল। তাৰ পাছতে পৰেশ বৰুৱাই জনাই যে পৰৱৰ্তী এশ ঘণ্টাৰ ভিতৰত স্ব-গৃহ পাবহি ongcৰ অভিযন্তাজন। ৪ দিনৰ ভিতৰত ৰিতুল শইকীয়া সোঁশৰীৰেৰে উভতি আহিব বুলি পৰেশ বৰুৱাই জনোৱাৰ লগে লগে হাঁহি বিৰিঙিছে ৰিতুল শইকীয়াৰ পৰিয়ালৰ মুখত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ