যৌন স্বাস্থ্য বজায় ৰাখিবলৈ বা উন্নত কৰি ৰাখিবলৈ সঠিক খাদ্য অত্যন্ত গুৰুত্বপূৰ্ণ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছু বিশেষ খাদ্য আছে যিসমূহে যৌন স্বাস্থ্য উন্নত কৰিবলৈ সহায় কৰে৷ এনে কিছু গুৰুত্বপূৰ্ণ খাদ্য তালিকাৰ বিষয়ে জানি থওক আজিয়েই৷
শাক পাচলিঃ শাক পাচলি বিশেষকৈ পালেং শাক আৰু বন্ধাকবি হৈছে ভিটামিন আৰু মিনাৰেলছ সমৃদ্ধ উৎস, যিয়ে শৰীৰৰ সঠিক ৰক্ত সঞ্চালন বজায় ৰখাত সহায় কৰে৷ ইয়াৰ মাজত আয়ৰণ আৰু ফোলেট থাকে, যিয়ে যৌন শক্তি বৃদ্ধিত সহায় কৰে৷
বাদামঃ বিশেষকৈ আখৰোট আৰু বাদামে যৌন স্বাস্থ্য বঢ়োৱাত সহায় কৰে৷ ইয়াত আছে এণ্টি অক্সিডেণ্ট আৰু স্বাস্থ্যকৰ চৰ্বি, যিয়ে টেষ্টোষ্টেৰণ উৎপাদন বঢ়োৱাত সহায় কৰে৷
মাছঃ বিশেষকৈ তেলযুক্ত মাছ যেনে ছেমন, টুনা আৰু মেকৰেল যিসমূহৰ মাজত ওমেগা-৩ ফেটি এছিড থাকে, যিয়ে ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু যৌন শক্তি উন্নত কৰে৷
চকলেটঃ ডাৰ্ক চকলেট উপস্থিত ফ্লাভোনয়েডে যৌন স্বাস্থ্যক প্ৰভাৱিত কৰে৷ ই শৰীৰৰ ব্লাড ফ্লো বৃদ্ধি কৰাত সহায় কৰে৷ ফলত যৌন শক্তি বৃদ্ধি পায়৷
তাজা ফলমূলঃ আপেল, কলা, জাম আৰু ষ্ট্ৰবেৰিয়ে যৌন স্বাস্থ্য উন্নত কৰাৰ বাবে উপকাৰী৷ এইসমূহ ফলত থকা এণ্টি অক্সিডেণ্ট আৰু ভিটামিন চিয়ে যৌন শক্তিৰ উন্নতি ঘটাত সহায়ক হয়৷
আদাঃ আদাই মেটাবলিজম বঢ়াই আৰু যৌন উদ্দীপনা উন্নত কৰাত সহায় কৰে৷ আদাই ৰক্ত সঞ্চালন বঢ়োৱাত সহায় কৰে৷ যিয়ে যৌন শক্তি বঢ়াই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ