এতিয়াৰে পৰা উত্তৰ পূৱ ভাৰতত উপলব্ধ হ’ব মোবাইল অৰ্থাৎ ভ্ৰাম্যমান কোভিড পৰীক্ষণ। কেন্দ্ৰীয় বিজ্ঞান প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ) ডঃ জীতেন্দ্ৰ সিঙে মণিপুৰত ভাৰ্চুৱেলি শুভাৰম্ভ কৰে ভ্ৰাম্যমান কোভিড পৰীক্ষণ।
বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী ডঃ সিঙে ভাৰ্চুৱেলি শুভাৰম্ভ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী জুৰাম থাংগা, স্বাস্থ্য মন্ত্ৰী ডাঃ লাথাংগিয়ানাই।
এই কাৰ্যসূচী শুভাৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভ্ৰাম্যমান লেবেটৰী(I-LAB)ৰ জৰিয়তে কোভিডৰ আৰটিপিচিআৰ আৰু ইএলএছএ টেষ্ট সম্পন্ন কৰা হ’ব।

মন্ত্ৰী ডঃ সিঙৰ মতে এই ভ্ৰাম্যমান কোভিড টেষ্ট ব্যৱস্থাই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰুৱা গাঁও তথা প্ৰত্যন্তৰ অঞ্চলসমূহত কোভিড টেষ্ট কৰাৰ ক্ষেত্ৰত সহায়ক হৈ উঠিব। ইয়াৰ দ্বাৰা কেৱল কোভিডৰ আৰটিপিচিআৰ আৰু ইএলএছএ টেষ্ট কৰাই নহয়, আৰোগ্য লাভ কৰা কোভিড আক্ৰান্তৰ কোভিডত্তোৰ সময়ৰ টিবি, এইছআইভিকে আদি অন্যান্য আনুসংষগিক ৰোগৰো পৰীক্ষা কৰাৰ সুবিধা উপলব্ধ হ’ব।

ভাৰ্চুৱেল শুভাৰম্ভণি অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মণিপুৰৰ মুখ্যমন্ত্ৰী জুৰাম থাংগাই এই ব্যৱস্থা মণিপুৰৰ পৰা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ৰাজ্যখনৰ সীমান্ত জিলাসমূহৰ কোভিড টেষ্টৰ পৰা বাদ পৰি ৰোৱা অতি প্ৰত্যন্তৰ এলেকাসমূহত এই ব্যৱস্থা অতি ফলপ্ৰসু হ’ব।

উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ শুভাৰম্ভ কৰা এই ভ্ৰাম্যমান কোভিড টেষ্টে কেৱল মণিপুৰতে নহয় অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ ভিতৰুৱা অঞ্চলসমূহেই উপকৃত হ’ব বুলি আশা কৰা হৈছে। অৱশ্য এই ব্যৱস্থা অসমত কেতিয়াৰ পৰা উপলব্ধ হ’ব সেয়া এতিয়াও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















