অসম লাইভ২৪ঃ ২০২৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ কথা স্বৰ্ণ আখৰেৰে এইবাৰ লিপিবদ্ধ হৈ ৰ’ব ইতিহাসৰ পৃষ্ঠাত৷ কাৰণ অত্যন্ত ৰক্ষণশীল দেশ ছৌদি আৰৱৰ পৰা প্ৰথম এগৰাকী সুন্দৰীয়ে খোজ পেলালে এই গ্লেমাৰ জগতত৷ বিশ্বসুন্দৰীৰ মঞ্চত খোজ দি ইতিহাস ৰচিলে ছৌদী মডেল ৰুমী আলকাহতানিয়ে৷ বোৰ্খা দলিয়াই বিকিনিত RAMP WALK দি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ২৭বছৰীয়া ছৌদী সুন্দৰী ৰুমীয়ে৷ অত্যন্ত ৰক্ষণশীল এই মুছলমান দেশৰ কন্যা ৰুমীয়ে ৰক্ষণশীল সমাজৰ বাধা নিষেধ আঁতৰাই দিয়া এই খোজক একাংশই প্ৰশংসা কৰিলেও বহুতেই আকৌ সামাজিক মাধ্যমত ৰুমীক সমালোচনাও কৰিছে৷
ৰুমী আলকহতানি প্ৰকৃততে কোন?
ছৌদী আৰৱৰ পৰা প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছৰ মঞ্চত খোজ দিছে ২৭ বছৰীয়া ৰুমী আলকাহতানিয়ে৷ প্ৰকিবন্ধকতাৰ সমস্ত দেৱাল ভাঙি এই সাহস দেখুৱাই ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ৰুমীয়ে৷ ৰিয়াধত জন্মগ্ৰহণ কৰা ৰুমী পেছাত এগৰাকী মডেল হোৱাৰ ওপৰিও এগৰাকী অনলাইন ইনফ্লুয়েন্সৰ হিচাপেও জনপ্ৰিয়৷ ইনষ্টাগ্ৰাম ভেৰিফায়েড একাউণ্টো আছে ৰুমীৰ৷ ইনষ্টাগ্ৰামত ৰুমীৰ ফলোৱাৰ্ছৰ সংখ্যা প্ৰায় ১ মিলিয়ন অৰ্থাৎ ১০ লাখ৷
তেওঁ নিজৰ ইনষ্টাগ্ৰামত মিছ ইউনিভাৰ্ছত অংশ লোৱাৰ খবৰো শ্বেয়াৰ কৰিছে৷ কেইটামান সপ্তাহৰ পূৰ্বে মালয়েছিয়াত অনুষ্ঠিত মিছ আৰু মিচেছ গ্লোবেল এছিয়ানত তেওঁ অংশ লৈছিল৷ বিশ্ব সংস্কৃতি সম্পৰ্কে জনা আৰু ছৌদী সংস্কৃতি আৰু ঐতিহ্যক বিশ্বৰ দৰবাৰত তুলি ধৰাই প্ৰধান লক্ষ্য বুলিও ইনষ্টাগ্ৰামযোগে প্ৰকাশ কৰিছে ৰুমীয়ে৷ মিছ ছৌদী আৰৱৰ মুকুট পৰিধান কৰাৰ পূৰ্বে তেওঁ মিছ মিডল ইষ্ট, মিছ আৰৱ ৱাৰ্ল্ড পিছ ২০২১ আৰু ৱমেনৰ খিতাপো অৰ্জন কৰিছে৷
ৰুমীৰ সফল কেৰিয়াৰ
এই বছৰৰ আৰম্ভণিতে ৰুমীয়ে ফিলিপাইনৰ ডায়নচেন মেড এবো মিছেচ গ্লোৱেল এছিয়ান ২০২৪ৰ মুকুট শিৰত তুলি ল’বলৈ সক্ষম হৈছিল৷ তেওঁ সেই বিশেষ প্ৰতিযোগিতাৰ সম্পূৰ্ণ যাত্ৰাৰ আপডেটসমূহ নিজৰ ইনষ্টাগ্ৰামতেই শ্বেয়াৰ কৰি আহিছে৷ মাৰ্জিত, ৰুচি সন্মত গাউন আৰু ঐতিহ্যবাহী ছৌদী পোছাকত অত্যন্ত মোহময়ী দেখা গৈছে ৰুমীক৷ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ছৌদী আৰৱৰ হৈ অংশগ্ৰহণ কৰাটো এক মাইলফলকতকৈ কোনো গুণে কম নহয়৷ ইয়াৰ মাজতেই ৰিয়াধত জন্মগ্ৰহণ কৰা এই ছৌদী সুন্দৰীৰ সাহসো কিন্তু কোনো গুণে কম নহয় বুলি চৰ্চা চলাইছে এতিয়া বহুসংখ্যক নেটিজেনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ