অসম লাইভ২৪ঃ উত্তৰপ্ৰদেশৰ উন্নাওত আকৌ ধৰ্ষণৰ স্বীকাৰ হ’ল এগৰাকী যুৱতী। ধৰ্ষণৰ পিছতেই অতিৰিক্ত ৰক্তক্ষৰণৰ ফলত মৃত্যু হৈছে যুৱতীগৰাকীৰ। ধৰ্ষণৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২৫ বছৰীয়া যুৱকক। অভিযুক্তৰ নাম ৰাজ গৌতম বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদন উল্লেখ থকা অনুযায়ী নিজ গৃহতেই ধৰ্ষণ পাষাণ্ড যুৱকে ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক। আৰক্ষীৰ তদন্তত দোষ স্বীকাৰ কৰিছে অভিযুক্ত গৌতমে। ধৰ্ষণৰ পূৰ্বে শক্তিবৰ্ধক ঔষধ সেৱন কৰিছিল ধৃত গৌতমে। ধৰ্ষণৰ সময়তেই জ্ঞান হেৰুৱাই পেলাইছিল কিশোৰীগৰাকীয়ে।
অচেতন অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰে ভগ্নীয়ে। লগে লগেই কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। চিকিৎসকে দিয়া প্ৰতিবেদনত শাৰীৰিক নিৰ্যাতনৰ সময়ত অত্যাধিক বল প্ৰয়োগ কৰাৰ বাবে অত্যাধিক পৰিমানে ৰক্তক্ষৰণ হৈ মৃত্যু হৈছে যুৱতীগৰাকীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ