অসম লাইভ২৪ঃ মন গ’লেই নিজৰ বাহন লৈ ৰাম মন্দিৰ চাই আহিম বুলি ভাৱি আছে নিশ্চয়! নহ’ব, নিজা বাহন লৈ আপুনি কোনো কাৰণতে অযোধ্যাৰ ৰাম মন্দিৰলৈ যাব নোৱাৰিব। অযোধ্যা ডেভেলপমেণ্ট অথৰিটি, সেউজ অযোধ্যাত চলিবলৈ নিদিয়ে ইন্ধন চালিত বাহন। উত্তৰ প্ৰদেশ চৰকাৰে অযোধ্যাত চলিব লগা বাহনক লৈ দিছে নতুন নিৰ্দেশনা। দেশ-বিদেশৰ পৰা আহিবলগীয়া ভক্তৰ বাবে অযোধ্যাত দিয়া হৈছে বিশেষ বাহন। বিশেষ ইলেকট্ৰিক বাহনেৰেহে আপুনি অযোধ্যাত চলাফিৰা কৰিব পাৰিব।
অযোধ্যাত ভক্তৰ বাবে বাহন যোগান ধৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে টাটাৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰিছে। মেক ইন ইণ্ডিয়া অভিযানৰ অধীনত টাটা মটৰছে তৈয়াৰ কৰা বিশেষ ইলেক্ট্ৰিক বাহনেৰেহে আপুনি চলাফিৰা কৰিব পাৰিব অযোধ্যাত। অন্যান্য কোম্পানীক লোৱাতকৈ টাটাক কিয় গুৰুত্ব দিছে উত্তৰপ্ৰদেশ চৰকাৰে? বহুতেই টাটাক বাচি লোৱাৰ কাৰণ নিজাকৈ বাখ্যাও কৰিছে। কিন্তু ইয়াৰ আঁৰত থকা প্ৰকৃত কাৰণ শেহতীয়াকৈ জনাইছে উত্তৰ প্ৰদেশ চৰকাৰে।
উত্তৰ প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি প্ৰথম পৰ্যায়ত ভক্তসকলক অনা নিয়া কৰিবৰ বাবে মুঠ ১৫ খন Tata Tigorইলেক্ট্ৰিক বাহন নিৰ্বাচন কৰিছে অযোধ্যা ডেভেলপমেণ্ট অথৰিটিয়ে। টাটা টাইগৰ ইভি সংস্থাই সম্প্ৰতি লঞ্চ কৰা এখন ইলেক্ট্ৰিক বাহন ফুল চাৰ্জ দিলে মুঠ ৩১৫ কিঃমিঃ ৰেঞ্জ দিয়ে। ২৬kwh ক্ষমতা সম্পন্ন বেটেৰী থকা এই বাহন সৰ্বোচ্চ ৭৪ হৰ্ছপাৱাৰেৰে তৈয়াৰ কৰা হৈছে। এই বাহন ছাব কম্পেক্ট চেডাৰ্নৰ। এই বাহনত আসনৰ সংখ্যা ৫। বাহনৰ সুৰক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা আছে। টাটা টাইগৰ ইভিয়ে লক্ষ্নৌৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈকে কঢ়িয়াব দৰ্শনাৰ্থীক। ইলেক্ট্ৰিক বাহনৰ ওপৰিও ইলেক্ট্ৰিক গল্ফ কাৰ্ট ব্যৱহাৰ কৰা হ’ব যাত্ৰীৰ বাবে। বিগত বছৰৰ পৰাই অযোধ্যাত গল্ফ কাৰ্ট ব্যৱহাৰ কৰি থকা হৈছে। এই গল্ফ কাৰ্টসমূহে এবাৰত ৬জন যাত্ৰী কঢ়িয়াব পাৰে।
মূলত ৰাম জন্মভূমি মন্দিৰ প্ৰাংগনত বয়স্ক মানুহৰ যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হ’ব এই গল্ফ কাৰ্ট। এই গল্ফ কাৰ্ট বা টাটা টাইগৰত যাত্ৰা কৰিবলৈ আপুনি কিমান টকা ব্যয় কৰিব লাগিব সেই সম্পৰ্কেও বহুতেই জানিবলৈ আগ্ৰহী হৈ উঠিছে। বেচৰকাৰী সংস্থাৰ সৈতে হাত মিলাই লক্ষ্নৌৰ পৰা অযোধ্যালৈ ইলেক্ট্ৰিক বাহন যোগান ধৰিছে অযোধ্যা ডেভেলপমেণ্ট অথৰিটিয়ে। পৰিসেৱাৰ নাম দিয়া হৈছে My EV Plu। এই বাহনৰ ভাড়া নুন্যতম ২৫০ৰ পৰা ৩০০০ টকা। এই পৰিসেৱাৰ অধীনত ২০০ খন বাহন চলোৱা হ’ব বুলিও অযোধ্যা ডেভেলপমেণ্ট অথৰিটিয়ে জনাইছে। এই বাহনত যাত্ৰা কৰিবৰ বাবে পোনতে এপৰ মাধ্যমেৰে এই বাহন বুক কৰিব লাগিব। যদি মাজতে বাহনৰ চাৰ্জ শেষ হয় তেন্তে চাৰ্জ দিবৰ বাবেও বিশেষ চাৰ্জিং ষ্টেচন বহুৱাইছে টাটা পাৱাৰে। অযোধ্যাৰ ৰে’লৱে ষ্টেচনৰ কাষত আৰু অযোধ্যাৰ মূল পথৰ কাষত এই ধৰণৰ ষ্টেচন বহুওৱাৰ ব্যৱস্থা কৰিছে টাটা পাৱাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















