কাইলৈ ১৫ আগষ্টৰ পৰা নতুন নিয়ম, চাইকেল চলালেও পিন্ধিব লাগিব হেলমেট
কাইলৈ ১৫ আগষ্ট তাৰিখে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশজুৰি পালন কৰা দেশৰ স্বাধীনতা দিৱস। ঠাইয়ে ঠাইয়ে উত্তোলন কৰা হ’ব দেশৰ জাতীয় পতাকা। তাৰ মাজতে আহিছে এক খবৰ। কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ চাইকেল আৰোহীয়েও পিন্ধিব লাগিব হেলমেট।
অৱশ্যে এই নিয়ম অসমৰ ক্ষেত্ৰত নহয়। উত্তৰ প্ৰদেশৰ মীৰ্জাপুৰৰ প্ৰসাসনে জাৰি কৰিছে এই নিয়ম। স্কুলীয়া ল’ৰা- ছোৱালীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। যাৰ বাবে এতিয়াৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে চাইকেল চলাই স্কুললৈ গ’লে হেলমেট পিন্ধিব লাগিব।
প্ৰথমে ব্যক্তিগতখণ্ডৰ ছাত্ৰ- ছাত্ৰীসকলৰ পৰা এই অভিযানৰ আৰম্ভ কৰিব আৰু পৰৱৰ্তী সময়ত সমগ্ৰ চহৰত এই নিয়ম কাৰ্যকৰী কৰিব। ৰাজ্যখনৰ মিৰ্জাপুৰ যান- বাহন আৰক্ষীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।
জানিব পৰা মতে মিৰ্জাপুৰ যান-বাহন আৰক্ষীয়ে এতিয়াৰ পৰা চাইকেলেৰে স্কুললৈ যোৱা শিশুৰ বাবে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰিবলৈ ওলাইছে। অৰ্থাৎ মিৰ্জাপুৰত চাইকেলেৰে স্কুললৈ যোৱা ছাত্ৰ- ছাত্ৰীসকলে হেলমেট পিন্ধিব লাগিব। কাইলৈ ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিয়ম আৰম্ভ কৰিছে।
আৰক্ষীৰ মতে এই অভিযানে শিশুসকলক দুৰ্ঘটনাত আঘাত পোৱাৰ পৰা ৰক্ষা কৰাই নহয়, যান-বাহন নিয়ম মানি চলাৰ ইচ্ছাও বৃদ্ধি কৰিব। যদি এনে ভাল অভ্যাস তেওঁলোকৰ মনত শৈশৱৰ পৰাই গঢ় লয় তেন্তে আগলৈ তেওঁলোকৰ বাবে হেলমেট পৰিধান কৰা সহজ হৈ পৰিব। বহু সময়ত দেখা যায় যে চাইকেলৰ বাবেও দুৰ্ঘটনা সংঘটিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ