৭.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় অসম তথা উত্তৰ-পূৱ, ইয়াৰ অভিকেন্দ্ৰ কি?
দুটাকৈ শক্তিশালী ভূমিকম্পই জোকাৰি যায় উত্তৰ পূৱ ভাৰত তথা অসম। অসমৰ উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্য কঁপাই য়ায় এই ভূমিকম্পই। এই ভূমিকম্প দুটাৰ প্ৰাবল্য আছিল ৭.৫ (আপডেটেড) আনটো ৭ ৰিখটাৰ স্কেল।
ৰাষ্ট্ৰীয় ভূ-কম্পন বিভাগৰ ফালৰ পৰা সদৰি কৰা তথ্য অনুসৰি এই দুয়োটা শক্তিশালী ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ। ভাৰত আৰু ম্যানমাৰৰ সীমান্তত আহে এই ভূমিকম্প যাৰ বাবে কঁপি উঠে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৱ।
এই ভূমিকম্প সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতা আছিল অভিকেন্দ্ৰ। প্ৰথমটো ১১.৫০ বজাত আহে আৰু দ্বিতীয়টো ১২.২ বজাত আহে। বৰ্তমানলৈ এই শক্তিশালী ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতি হৈছে নে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ